মেষৰাশি: আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব । আপোনাৰ ঘৰোৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । তেওঁলোকৰ পৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।
বৃষৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নাযাব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰোৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব পৰা নোৱাৰিব পাৰে । অধিক ব্যয়ৰ যোগ আছে । কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো ভাল ফল নোপোৱাৰ বাবে আপোনাৰ মন বেয়া লাগিব । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।
মিথুনৰাশি:বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰ পৰা সু-সংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিচত আনন্দিত হ’ব । বিবাহ প্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব
।
কৰ্কট ৰাশি: বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰ পৰা প্ৰচুৰ সহযোগিতা পাব । পদোন্নতিও হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপিও আপোনাৰ স্বাস্থ্যৰ উপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।
সিংহৰাশি: আজি আপুনি ধৰ্মীয় ক্ৰিয়া-কলাপৰ সৈতে যুক্ত হ’ব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো ভাল । আপুনি যদি কোনো কাম কৰিব বুলি ভাবি লয় আজি, তেতিয়া হ’লে সেই কাম শেষ কৰাৰ কাৰণে আপুনি সকলো চেষ্টাই কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ মুখত পৰিব পাৰে । আপোনাৰ ঊৰ্ধ্বতনসকলে অসন্তুষ্ট হৈ থাকিব, যাৰ বাবে আপোনাৰ ভাল নালাগিব । আজি আপুনি মধ্যমীয়া ধৰণে সুস্থ হৈ থাকিব ।