মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । অসাধাৰণ একো নহয় ৷ স্বাস্থ্যও মোটামুটি ঠিকেই থাকিব, বৰ বেয়াও নহয়, বৰ ভালো নহয় । ব্যয় বৃদ্ধিক লৈ সজাগহ হওক, নহ’লে চিন্তাত পৰিব । সেই দিশটোক নিয়ন্ত্ৰণ কৰক, কিন্তু এইবোৰক লৈ অত্যধিক চিন্তা নকৰিব । আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক আৰু আজি নিশা ঘৰতেই ৰন্ধা-বঢ়া কৰি চাব পাৰে । স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰে মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰী উপকৃত হ’ব পাৰে ।
বৃষ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব । এই অনুভৱৰ কাৰণ হ’ব পাৰে পুৱা আপুনি কৰা যোগৰ অনুশীলন বা আপোনাৰ নতুন ডিটক্স ডায়েট । অৱশ্যে কি কাৰণত এনেকুৱা লাগিব, সেইবোৰক লৈ ইমান ভাবি থাকিব নালাগে, কেৱল এই সুন্দৰ অনুভূতিক উপভোগ কৰি যাওঁক ! আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব । এই তজবজীয়া ভাৱৰ কাৰণে আপুনি আজি যি কামৰ দায়িত্ব পাব, সেই কামেই সময়ত শেষ কৰিব পাৰিব । আজি আপোনাৰ মন বৰ উত্ফুল্ল হৈ আছে কাৰণে আপুনি ক’ব গ’লে সকলো বিষয়তে ভাল সমাধান দিব পৰা হ’ব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।
মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল হৈ নাথাকিব । আপুনি আজি অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব । আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । আপুনি যিয়ে কয় বা কৰে, সেই বিষয়ে সজাগ হৈ থাকক। ভুল বুজাবুজিৰ প্ৰবল সম্ভাৱনা আছে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব । দুশ্চিন্তাত আপুনি আজি অস্থিৰ আৰু উদ্বিগ্ন হৈ থাকিব । অনাৱশ্যক ব্যয় এৰাই চলিব নোৱাৰিব । কাজিয়া বিবাদত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাবই পাব ।
কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দ-ফূৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । ব্যৱসায়-বাণিজ্যত আপুনি সফলতা লাভ কৰিব। আপোনাৰ ৰাজহৰ উৎস বৃদ্ধি পাব আৰু ইয়াক লৈ হয়তো আপুনি আনন্দ-ফূৰ্তিও কৰিব পাৰে । এই ফূৰ্তি হ’ব পাৰে যি কোনো ধৰণৰ । যেনে পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে বা ব্যৱসায় আৰু আনন্দৰ মিশ্ৰণ থকা পাৰ্টি এখন দিব পাৰে । পুত্ৰ বা আপোনাৰ কনিষ্ঠসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আজিৰ দিনটো ভাল । ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।
সিংহ ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি ! আপুনি এয়া নিজেও বিশ্বাস কৰে আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে । সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে, কিন্তু আজি এই আত্মবিশ্বাসৰ যেন উভৈনদী হোৱা দেখিবলৈ পোৱা যাব । লগতে আপোনাৰ এই উজ্জ্বল গুণাৱলীৰ সৈতে যোগ হ’ব আপোনাৰ প্ৰবল ইচ্ছা শক্তি । এই দুয়োৰ ঘাতক সংমিশ্ৰণৰ ফলত আপুনি আজি প্ৰায় সকলো ক্ষেত্ৰতে উৎকৰ্ষ লাভ কৰিব । সেয়া শিল্পকলাই হওক বা খেল ধেমালিয়ে হওক বা ব্যৱসায়েই হওক । আপুনি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব । পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ আছে । আজিৰ দিনটোক উপভোগ কৰক ! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।
কন্যা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যশালী দিন । আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন । আজি আপুনি কোনো আত্মীয়ৰ ঘৰতো যোৱাৰ কথা ভাবিব পাৰে, গ’লে আপোনাৰ ভালহে লাগিব । বান্ধৱী আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰবল । তেওঁলোকক লগ ধৰক আৰু অলপতে লগ নোপোৱা মানুহবোৰকো এৰাই নচলিব । তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ অন্তৰৰ পৰা প্ৰয়াস কৰক। বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময় অনুকূল । বিদেশত বসবাসকাৰী প্ৰিয়জনৰ পৰা সুসংবাদ পাব পাৰে । আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা উদ্ধাৰ কৰিব । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।