মেঘ ৰাশি: দিনটো প্ৰচণ্ড আৱেগপ্ৰৱণ, খৰখেদাকৈ যাব ৷ ধৈৰ্য ধৰি থাকক, ততালিকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব বা কোনো সিদ্ধান্ত নল’ব ৷ মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ গ্ৰহৰ অৱস্থান ভাল নহয় ৷ সামান্য পেটৰ গণ্ডগোলে দিনটো আমনি দিব পাৰে ৷ সাৱধানে থাকিব ৷
বৃষ ৰাশি: কামবোৰত আত্মবিশ্বাসত অটুট থাকিব ৷ কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব পাৰিব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ ভৱিষ্যতৰ কাৰণে বুদ্ধি বিবেচনাৰে বিনিয়োগ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ পঢ়ুৱৈসকলৰ বাবে সময়টো বৰ ভাল ৷
মিথুন ৰাশি: কোনো নতুন কাম আৰম্ভ কৰিব পাৰে ৷ দিনটো লাভদায়ক আৰু ফলদায়ক৷ সতৰ্ক হৈ থাকিব ৷ সম্ভৱ হ’লে সংঘাত এৰাই চলক ৷ আৰ্থিক বিষয়ত সতৰ্ক থাকক ৷
কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক আৰু সন্দেহজনক ভাৱ মনৰ পৰা আঁতৰাওক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বৰ ভালে নাথাকিব ৷ মনৰ কথাবোৰ মনৰ ভিতৰতে নাৰাখি খোলাখুলিকৈ কৈ দিয়ক, তেওঁলোকৰ সৈতে বিবাদৰ নিষ্পত্তি কৰক৷ আত্মীয়ৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে ৷ ঘৰুৱা পৰিৱেশ উদ্বেগজনক হৈ থাকিব ৷ কুটিল আৰু জঘন্য চিন্তা মনৰ পৰা আঁতৰাওক ৷
সিংহ ৰাশি: দিনটো সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ ততালিকে যিকোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব ৷ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ সন্মান বৃদ্ধি ৷ আত্মবিশ্বাসৰ ফলত সফল হ’ব ৷ অহংকাৰৰ পৰা দূৰত থাকক ৷ খং নিয়ন্ত্ৰণত ৰাখক আৰু মুখত লেকাম টানি ৰাখক ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷
কন্যা ৰাশি: আত্মবিশ্বাসৰ ফলত সফল হ’ব ৷ আত্মসন্তুষ্টিৰ ভাৱ মনৰ পৰা আঁতৰাওক আৰু অহংকাৰৰ পৰা দূৰত থাকক ৷ কাৰোবাৰ সৈতে মুখামুখি সংঘাত হ’ব পাৰে ৷ মানসিক অস্থিৰতা বৃদ্ধি পাব ৷ নিজক নিয়ন্ত্ৰণ কৰি ৰাখক ৷