অসম

assam

ETV Bharat / bharat

Daily Horoscope For 24th November: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th November
কেনে যাব আপোনাৰ আজিৰ দিনটো

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 6:01 AM IST

মেষৰাশি:কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, বিপদত পৰিব । কোনো আইনী কাৰ্যৰ পৰা আতঁৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওক । আজি একাগ্ৰতাৰ অভাৱ হ’ব পাৰে; কামত নিজৰ শ্ৰেষ্ঠতা প্ৰদান কৰিব নোৱাৰিব । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হ’ব পাৰে; সাৱধানতাৰে গাড়ী চলাব । সন্ধিয়া সময়ত শাৰীৰিকভাৱে অধিক সক্ৰিয় যেন অনুভৱ কৰিব । ঘৰতো পৰিবেশ যথেষ্ঠ ভাল হৈ থাকিব । এটা সৰু ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে । নতুন কাম আৰম্ভ কৰিব পাৰে । অপ্ৰত্যাশিত অৰ্থ লাভ কৰিব পাৰে ।

বৃষ ৰাশি: পৰিয়াল বা সন্তানৰ ভাল খবৰে আপোনাক প্ৰফুল্লিত কৰি ৰাখিব । শৈশৱৰ বন্ধুক লগ পাব পাৰে আৰু স্মৃতি ৰোমন্থন হ’ব । ব্যৱসায়ীসকলৰ বাবে এটা সফল দিন হ’ব পাৰে । সঠিক স্থানত বিনিয়োগ কৰাটো নিশ্চিত কৰক । আইনী বিষয়ক লেনদেনত সতৰ্ক হওক । ধৰ্মীয় কাৰ্যত ব্যয় কৰাৰ সম্ভাৱনা আছে ।

মিথুন ৰাশি: ফল পূৰ্ণ পৰিণামৰ সৈতে এটা ঘটনাপূৰ্ণ দিন হ’ব । কৰ্মস্থলীত, আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা সন্তুষ্ট হ’ব; পৰিৱেশ আপোনাৰ বাবে বন্ধুত্বপূৰ্ণ হ’ব । ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধিৰ লগতে পুৰণা পাবলগীয়া ধনো লাভ কৰিব । পিতৃ আৰু পৰিয়ালৰ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনাওক । বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত সামাজিক অনুষ্ঠান যেনে বিয়া বা জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে । অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ।

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগ গভীৰ চাপৰ মাজেৰে পাৰ হ’ব । কৰ্মস্থলীত অস্থায়ী বাধাৰ সন্মুখীন হ’ব, ই আপোনাক বিৰক্ত কৰিব পাৰে । কোনো লোকৰ লগতেই দীঘলীয়া কথা বতৰাত লিপ্ত নহ’ব, বিশেষভাৱে কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকলৰ লগত; আপোনাৰ পেচাদাৰী সম্পৰ্ক বেয়া হ’ব পাৰে । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব । জ্যেষ্ঠ আৰু কনিষ্ঠসকল আপোনাৰ কামৰ বাবে সন্তুষ্ট আৰু সুখী হ’ব । আৰ্থিক স্থিতিও উন্নত হোৱাৰ সম্ভাৱনা আছে ।

সিংহ ৰাশি: বিৰোধপূৰ্ণ এটা দিন । স্বাস্থ্য, মেজাজ আৰু কথা বতৰাক নিৰীক্ষণ কৰক । পৰিয়ালকেন্দ্ৰিক বিবাদ হ’ব পাৰে, পৰিস্থিতিটো শান্ত আৰু পৰিপক্ক ৰূপে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব । সম্ভৱপৰ হ’লে, অবৈধ আৰু অনৈতিক কাম কাজৰ পৰা বিৰত থাকক, ই আপোনাক সমস্যাত পেলাব । নেতিবাচক চিন্তাধাৰাই কঠিন দিনটো আৰু কঠিন কৰি তুলিব পাৰে; নিজকে ধৰ্মীয় কাম কাজ, ধ্যান সাধনা আৰু ভগৱানৰ নাম লোৱাত ব্যস্ত ৰাখক।

কন্যা ৰাশি:উজ্জ্বল আৰু আনন্দময় দিন হ’ব, আপুনি বন্ধুবৰ্গৰ লগত ফুৰি আৰু আনন্দ কৰি সময় কটাব পাৰে । ব্যৱসায়িক পাৰ্টনাৰ লগত ভাল সম্পৰ্ক থাকিব । দিনটোৰ পিচৰ ভাগত পৰিস্থিতি সলনি হ’ব । হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপুনি সুস্থ হ’বলৈ বহু ধন ব্যয় কৰিব লগা হ’ব পাৰে । একে সময়তে, অপ্ৰত্যাশিত আৰ্থিক লাভো হ’ব পাৰে । চমৎকাৰ হোৱাৰ সম্ভাৱনা আছে ।

তুলা ৰাশি:আজি আপোনাৰ বাবে এটা ভাল দিন । ভগৱানৰ আশীৰ্বাদ লাভ কৰিব ৷ একাগ্ৰতা, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে নিয়োজিত হৈ থকা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব । গাৰ্হস্থ্য জীৱন সুখী আৰু শান্তিপূৰ্ণ হ’ব । স্বাস্থ্য ভালে থাকিব । মনৰ পৰিবৰ্তনক নিয়ন্ত্ৰিত ৰাখক । বন্ধুৰ লগত ফুৰিবলৈ বা চিনেমা চাবলৈ যাব পাৰে । এটা অতি সুন্দৰ দিন পাৰ হ’ব ।

বৃশ্চিকৰাশি: অধিক আবেগিক হোৱাৰ সম্ভাৱনা আছে । মানসিক ভাৰসাম্যতা বজাই ৰাখক আৰু অধিক প্ৰতিক্ৰিয়া প্ৰদৰ্শনৰ পৰা বিৰত থাকক । শিক্ষাৰ্থীসকলৰ বাবেও ভাল দিন আৰু নিজৰ ইচ্ছা অনুসৰি কৰ্ম জীৱনৰ বাচনি কৰিব পাৰিব । নিজৰ সৃজনশীলতাক বাহিৰলৈ ওলাই আহিবলৈ দিয়ক । ঘৰ আৰু কৰ্মস্থলীত সকলো সুচাৰু ৰূপে চলিব । চমৎকাৰ হোৱাৰ সম্ভাৱনা আছে ।

ধনু ৰাশি:ঘৰত সুখ শান্তি বৰ্তাই ৰাখিব, ঘৰোৱা পৰিৱেশক দূষিত কৰিব পৰা কামবোৰৰ পৰা নিজকে আতৰাই ৰাখক । মাতৃৰ স্বাস্থ্য বৰ বিশেষ ভাল নাথাকিব, যত্ন লওক । আপোনাৰ আৰ্থিক আৰু সামাজিক স্থিতিত বিৰূপ প্ৰভাৱ পৰিব পাৰে, সেয়ে সতৰ্ক হওক । নিজৰ ব্যক্তব্যক এক সৃজনশীল ৰূপত স্থাপন কৰক, ভাল অনুভৱ কৰিব । প্ৰিয়জনৰ লগত মিলা-মিচা কৰক আৰু তেওঁলোকৰ লগত সম্পৰ্ক উন্নত কৰক । শিক্ষাৰ্থীৰ বাব এটা ভাল দিন ।

মকৰৰাশি: একাগ্ৰ আৰু দৃঢ় হোৱাৰ প্ৰয়োজন আছে; গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ’ব পাৰে । বন্ধুবৰ্গ, আত্মীয় আৰু ভাতৃ-ভগ্নীৰ লগত একেলগে সময় কটাওক । চহৰৰ বাহিৰৰ কোনো সুন্দৰ স্থানত ভ্ৰমণ কৰিবলৈ যাব পাৰে । ভাতৃ-ভগ্নীৰ সম্পৰ্ক উন্নত হ’ব । দিনটোৰ অন্তত নিৰাশাবাদী অনুভৱ কৰিব পাৰে । কোনো অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে । সম্পত্তি বা সম্পদৰ কোনো লেনদেন কৰোতে সাৱধান হওক । মাতৃৰ যত্ন লওক ।

কুম্ভৰাশি: সাৱধানতা অবলম্বন কৰক । আপোনাৰ সলনি হৈ থকা মন আৰু নেতিবাচক চিন্তাই আজিৰ দিনটো অধিক কঠিন কৰি তুলিব পাৰে; ক্ষতি সাধন নোহোৱাৰ পূৰ্বে সতৰ্ক হওক । খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্যই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । দিনটোৰ দ্বিতীয় ভাগত অসম্পূৰ্ণ কামসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব । সৃষ্টিমূলক কাম-কাজে আপোনাক নাম আৰু খ্যাতি প্ৰদান কৰিব ।

মীনৰাশি: এটা ফলদায়ক দিন হ’ব । ইতিবাচক শক্তিয়ে আপোনাক উচাহ আৰু উদ্দীপনা যোগাব । নতুন কাম আৰম্ভ কৰিবলৈ এটা ভাল দিন । ঘৰতে পৰিয়ালৰ লগত অলপ সময় কটাওক । মনৰ শান্তিৰ বাবে ধৰ্মীয় কাম-কাজ কৰিব পাৰে, কিন্তু অত্যাধিক ব্যয় কৰাৰ পৰা আতঁৰি থাকক । লগতে, সৰু সৰু কথাত খং নকৰিব, নহ’লে সেয়া অধিক বেয়া হ’ব পাৰে । এটা ভাল দিন হ’ব ।

ABOUT THE AUTHOR

...view details