মেষ ৰাশি:নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । কাৰো ওপৰত ক্ৰোধ নকৰিব । শত্ৰুৰ পৰা সাৱধান । ৰহস্যময় বিষয়ে আপোনাক আকৃষ্ট কৰিব । ভ্ৰমণ এৰাই চলক ৷
বৃষ ৰাশি: আজি দিনটো অনুকূল । আজি আপুনি অতি স্বাস্থ্যবান হৈ থাকিব । শাৰীৰিক অৱস্থা উত্তম থকাৰ লগতে মানসিক অৱস্থাও উত্তম হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ সৈতে যথেষ্ট সময় কটাব ।
মিথুন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে অনুকূল । ঘৰৰ পৰিৱেশ আজি শান্ত আৰু আনন্দপূৰ্ণ হৈ থাকিব । আপোনাৰ আজি খৰছ হ’ব কিন্তু কেৱল প্ৰয়োজনতহে । আৰ্থিক লাভৰ সুযোগ আহিব পাৰে । আজি আপুনি সুস্থ-সবল আৰু উদ্যমী হৈ থাকিব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে ।
কৰ্কট ৰাশি: আজি আপুনি সামান্য সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে । পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে । অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক । প্ৰিয়জনৰ সৈতে বিবাদৰ ফলত সম্পৰ্ক বেয়া হ’ব পাৰে । ভ্ৰমণ এৰাই চলক ।
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল দিন । পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । বিভ্ৰান্তিত ভুগিব আৰু নেতিবাচত চিন্তাই আপোনাক আমনি কৰিব পাৰে । সম্পত্তি সম্বন্ধীয় বিষয়ত সাৱধান ।
কন্যা ৰাশি: কোনো কাম হাতত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব । বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে । আজি আপুনি অত্যধিক আৱেগিক হৈ থাকিব । ৰহস্যময় আৰু আধ্যাত্মিক বিষয়ত সফলতা লাভ কৰিব ।