মেঘ ৰাশি:নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ শুভ দিন ৷ শাৰীৰিকভাৱেই হওক বা মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্ম ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তাৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ পেটৰ সমস্যা হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷
বৃষ ৰাশি:দিনটো উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে কামত প্ৰত্যাশিত ফল পাব ৷ পঢ়ুৱৈসকলে সহজতে পঢ়াশুনা বুজি পাব আৰু পঢ়াশুনা কৰি আনন্দও পাব ৷ বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷
মিথুন ৰাশি: নতুন কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰচুৰ উদগনি আৰু সমৰ্থন লাভ কৰিব ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’ব পাৰে ৷ চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ আৰ্থিক দিশত উত্থান-পতন হ’ব পাৰে ৷
কৰ্কট ৰাশি: হতাশাই আগুৰি ধৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ চকুৰ সমস্যাই দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ সেমেকি থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি: দিনটো উদ্দীপনা আৰু আত্মবিশ্বাসৰে ভৰি পৰিব ৷ সিদ্ধান্তবোৰ খৰতকীয়া আৰু ভ্ৰান্তিহীনভাৱে ল’ব পাৰে ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷
কন্যা ৰাশি: সদিচ্ছা আৰু অহংকাৰৰ সংঘাত দেখা দিব পাৰে ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ খঙাল হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক ৷ ব্যয় বৃদ্ধি ৷ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷