মেষ ৰাশি: এই সপ্তাহটোত আপোনাৰ ঘৰলৈ অতিথিৰ আগমন ঘটিব ৷ তেওলোকৰ লগত বন্ধুত্ব সুলভ আলোচনাত ভাগ লৈ আপুনি আনন্দ লাভ কৰিব ৷ গোটেই সপ্তাহটোতে আপুনি ৰোগমুক্ত আৰু ফূৰ্তি অনুভব কৰিব ৷ ঘৰ আৰু কাৰ্যালয়ত বা ঘৰত সকলোৰে সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ আপোনাৰ ঘৰলৈ আপোনাৰ মাতৃৰ আগমন হ’ব, তেওঁ আপোনালৈ বহুতো উপহাৰ আৰু পুৰস্কাৰ লৈ আহিব ৷ লক্ষ্মীদেৱী আৰু গণেশৰ আৰ্শীবাদ আপোনাৰ ওপৰত বৰ্তী থাকিব ৷ ধনাগমনৰ ক্ষেত্ৰত আপুনি কৰা কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব ৷
বৃষ ৰাশি:এই সপ্তাহটোত আপুনি কথা কওঁতে অলপ সাৱধান হ’ব লাগিব ৷ গোটেই দিনটোত আপোনাক বিভিন্ন ধৰণৰ বিপদে আগুৰি ৰাখিব ৷ কোনোধৰণৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা নাই ৷ সেয়ে আপুনি যাতে খোজ কাঢ়োতেও চকু কাণ খুলি ৰাখে ৷ শৰীৰৰ ভালদৰে যত্ন লওক আৰু আগৰ পৰা পাই থকা অসুবিধাবোৰক আওকাণ নকৰিব ৷ এজন ভাল চকু বিশেষজ্ঞৰ কাষলৈ গৈ আপুনি লগোৱা লেন্সৰ পৰীক্ষা কৰাওক ৷ আপোনাক সদায় সহায় কৰি অহা আপোনাৰ অগ্ৰজসকলৰ সহায় আপুনি এতিয়া নাপাবও পাৰে, কিন্তু তেওঁলোক সদায় আপোনাৰ লগত থাকিব ৷ হঠাৎ কিছুমান অবাঞ্চিত কাৰণত ধনহানি হ’ব পাৰে ৷
মিথুন ৰাশি: ভগৱান গণেশৰ কৃপা আপোনাৰ ওপৰত থাকিব ৷ আপুনি আপোনাৰ ভালপোৱা আৰু কষ্টৰ ফল লাভ কৰিব ৷ নিৰ্ভয়ে থাকক, চাৰিও দিশৰ পৰা আপোনাৰ লাভ হ’ব ৷ হাঁহিমুখে আপুনি আপোনাৰ বচ বা সহকৰ্মীসকলক আপুনি বিচৰা কামৰ কথা কওক, অথবা সন্মানজনক পদৰ কথা কওক৷ আপুনি লগ পোৱা বিপৰীত লিংগৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক স্থায়ী হ’ব ৷ বন্ধুৰ লগত ভাল সময় পাৰ কৰক ৷ প্ৰিয়গৰাকীৰ পৰা বিচৰা ভাল খবৰ লাভ কৰাৰ উৎকৃষ্ট সময় ৷
কৰ্কট ৰাশি:এই সপ্তাহ আপোনাৰ অতি সহজ ভাবে পাৰ হ’ব ৷ কামৰ বোজা সাধাৰণ হ’ব কিন্তু লাভ হৈ থাকিব ৷ কষ্টৰ ফল লাভ কৰাত আপুনি আনন্দিত আৰু মানসিকভাবে শান্তি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ তেওঁলোকৰ পৰা উপহাৰ ৰূপে আপুনি পদোন্নতি লাভ কৰিব পাৰে, গতিকে পলম নকৰি আপোনাৰ ক’বলগীয়াখিনি ব্যক্ত কৰক ৷ এই সময়চোৱাত আপুনি আপোনাৰ ঘৰ বা কাৰ্যালয়ৰ মেৰামতি বা নবীকৰণ কৰিব পাৰে ৷ পৰিয়ালৰ বাবে কৰা খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ চিন্তিত হোৱাৰ কাৰণ নাই শৰীৰ ভালে যাব ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷
সিংহ ৰাশি:গণেশ ভগৱানৰ কৃপাত আপোনাৰ বাবে উত্তম সময় ৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা কষ্টৰ ফল লাভ কৰিব ৷ আগৰ পৰা নিৰ্ধাৰিত থকা কোনো আলোচনাৰ পৰা আপুনি উপকৃত হ’ব ৷ আপুনি অতি সুন্দৰ আৰু ঠাণ্ডাভাৱে আপোনাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব পালন কৰিব পাৰিব ৷ ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ তীৰ্থ ভ্ৰমণত যোৱাৰ যোগ আছে ৷ কিন্তু কাৰণ নথকাকে আপোনাৰ মনত অস্থিৰতা বৃদ্ধি হ’ব পাৰে, যিয়ে আপোনাৰ খং বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শাৰীৰিক সমস্যাই দেখা দিব পাৰে ৷ গতিকে আপুনি খঙক দমন কৰি শান্ত ভাবে নিজৰ কৰ্তব্য কৰি যাওক ৷
কন্যা ৰাশি: কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময়৷ আপুনি আপোনাৰ কামত মনোযোগ দিয়ক, কিন্তু তাৰ লগে লগে আপুনি আপোনাৰ শৰীৰৰ যত্ন লওক আৰু খাদ্যাভাস সলাওক ৷ টকা পইছা আৰু সম্পৰ্কৰ বিষয়ত চকু দিয়ক ৷ বাটৰ কাষৰ খাদ্য বিক্ৰেতাৰ পৰা খাদ্য গ্ৰহণ নকৰিব ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থাকক ৷ যিমান পাৰে সিমান খঙৰ কৰা পৰা আঁতৰি থাকক আৰু আপোনাৰ ব্যক্তিগত জীৱনক কঠিন কৰি নুতুলিব, অন্যথা আপুনি অতি দুখ পাব ৷ সদ্যহতে নতুনকৈ আৰম্ভ কৰিব লগা কামৰ পৰা আঁতৰি থাকক ৷