অসম

assam

By

Published : Sep 22, 2022, 5:05 AM IST

ETV Bharat / bharat

Daily horoscope for 22nd September: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 22nd September 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো দুখেৰে পাৰ কৰিব ৷ নিজৰ যত্ন লওক ৷ মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তাত থাকিব ৷ গাড়ী লাহে লাহে চলাব, পানীৰ পৰা অলপ আঁতৰত থাকিব ৷ কামত সফলতা লাভ কৰিব ৷

বৃষ ৰাশি: দীৰ্ঘদিনীয়া আশাবোৰ পূৰণ হ’ব ৷ ভাগ্য ভালে যাব ৷ প্ৰেমত শুভ ৷ প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব পাৰে ৷

মিথুন ৰাশি: দিনটো গতানুগতিক হ’ব ৷ কামৰ ফল লাভ কৰিবলৈ অপেক্ষা কৰিব লগা হ’ব পাৰে ৷ কষ্ট কৰিব লাগিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ শুভেচ্ছা আৰু সহযোগিতা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিবলৈ যাব পাৰে ৷

কৰ্কট ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কামত উন্নতি লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব ৷ সামাজিক আৰু কাব্যিক প্ৰতিভা বিকাশ হ’ব ৷

সিংহ ৰাশি: দুখ অনুভৱ কৰিব ৷ মানুহৰ কথাত বেছি মন নিদিব ৷ কৰো ওপৰত খং নকৰিব ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব ৷ আইন সংক্ৰান্তীয় বিষয়তো সাৱধান হওক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ ধ্যান আৰু ব্যায়াম কৰি মনক শান্ত কৰিব পাৰিব ৷

কন্যা ৰাশি: প্ৰেমত শুভ ৷ সফলতা পাব ৷ পৰিয়াল বা বন্ধুৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ সুখী হৈ থাকক আৰু দিনটো উপভোগ কৰক ৷

তুলা ৰাশি:দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব ৷ সফল হ’ব ৷ প্ৰিয়জনৰ লগত আলোচনাত সুফল পাব ৷ কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব ৷

বৃশ্চিক ৰাশি: সফল হ’ব ৷ এলাহ আৰু মনোযোগিতাৰ অভাৱ অনুভৱ কৰিব ৷ ব্যবসায়ৰ সকলো কামত সাৱধান হ’ব ৷ সন্তানৰ লগত কৰা তৰ্কই তিক্ততা প্ৰদান কৰিব ৷ সিদ্ধান্ত গ্ৰহণত দেৰি হ’ব ৷ ভ্ৰমণত শুভ ৷

ধনু ৰাশি:মনত দুখে আকস্মিকভাৱে ক্ৰিয়া কৰিব পাৰে ৷ কলাসন্মত ভাৱধাৰাক ব্যবসায়ত লগাব পাৰে ৷ চিকিৎসাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম অলপ পিচুৱাই দিয়ক ৷ খৰচ বাঢ়িব ৷ ধ্যান কৰি মনক শান্ত কৰক ৷

মকৰ ৰাশি: দিনটো সৌভাগ্যশালী হ’ব ৷ ধনাগমন আৰু জমাৰ বাবে উত্তম সময় ৷ ব্যৱসায়ত প্ৰচুৰ উন্নতি কৰিব ৷ উপাৰ্জন বৃদ্ধি হ’ব ৷ ব্যবসায়ত ধনৰ আগমন হ’ব ৷ ভ্ৰমণত শুভ ৷

কুম্ভ ৰাশি:শুভ দিন ৷ সন্মান বৃদ্ধি কৰিব ৷ শৰীৰ ভালে থাকিব ৷ দিনটো আনন্দৰে কটাব ৷

মীন ৰাশি: সফল হ’ব ৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ বাবে শুভ সময় ৷ ব্যৱসায়ত প্ৰচুৰ উন্নতি কৰিব ৷

ABOUT THE AUTHOR

...view details