অসম

assam

Daily Horoscope for 21st April: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Apr 21, 2022, 8:34 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

Daily Horoscope for 21st April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ অসুস্থতাৰ বাবে একোতে মন বহুৱাব নোৱাৰিব ৷ সন্ধিয়া সময়ত আত্মীয়ৰ ঘৰত উপস্থিত থাকিলেও অমনোযোগিতা ভাৱ প্ৰকাশ পাব ৷ কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা পৰিৱেশে আপোনক উদ্বিগ্ন কৰি তুলিব ৷ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ নহ’লে পিছত সমস্যাত পৰিব ৷ কৰ্মত ব্যাঘাত জন্মাৰ সম্ভাৱনা ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ আনৰ দ্বাৰা প্ৰশংসা লাভ ৷

মিথুন ৰাশি : বিভিন্ন লোকৰ সৈতে সাক্ষাৎ লাভ ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ ৷ নতুন কাপোৰ কিনাৰ সম্ভাৱনা ৷ খ্যাতি লাভ ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু উত্তম ৷ কিছুমান সুখৰ মূহুৰ্ত উপভোগ কৰিব ৷ আজি যি কামেই কৰিব, তাতেই আপুনি খ্যাতি লাভ কৰিব ৷ স্বাস্থ্য সুস্থিৰ ৷ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সম্ভাৱনা ৷ চাকৰিয়ালসকলৰ বাবে দিনটো শুভ ৷

সিংহ ৰাশি : আপুনি নিজৰ প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ যাত্ৰা, কৰ্ম-ব্যৱসায়ত শুভ ৷ দূৰ ভ্ৰমণৰ যোগ ৷

কন্যা ৰাশি : বিপদৰ সম্ভাৱনা, সেয়ে কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকক ৷ লক্ষ্যত বিফল হোৱাৰ সম্ভাৱনাই বেছি ৷ দিনটো প্ৰায় সফল যদিও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বেমেজালি সৃষ্টিৰ সম্ভাৱনা ৷

তুলা ৰাশি : কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সেয়ে পৰিয়ালৰ সৈতে পাৰ্যমানে সময় অতিবাহিত কৰক ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷

বৃশ্চিক ৰাশি : অনাৱশ্যক ব্যয় হ্ৰাস কৰক ৷ পৰিয়ালৰ সদস্যৰ মাজত কাজিয়া সৃষ্টি হ’ব পৰা কাৰকৰ পৰা দূৰত থাকক ৷ পৰিয়ালৰ সৈতে থকা ভুল বুজাবুজি আঁতৰ কৰাত আগভাগ লওক ৷ শাৰীৰিক সমস্যাই অস্থিৰ কৰি তুলিব ৷ নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্য-কলাপৰপৰা দূৰত থাকক ৷

ধনু ৰাশি : দিনটোৰ পৰিকল্পনা অনুসৰি সফলতা লাভ ৷ আৰ্থিক লাভ নিশ্চিত ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ ৷ প্ৰিয়জনৰ সৈতে সুখকৰ মূহুৰ্ত কটোৱাৰ সম্ভাৱনা ৷ কোনো শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ পাব পাৰে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ যোগ ৷

মকৰ ৰাশি : আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু পৰিমাণে খৰচ হ’ব ৷ আইন সংক্ৰান্তীয় কামত চকু ৰাখক ৷ দুৰ্ঘটনা আৰু অপাৰেচনৰ পৰা আঁতৰত থাকক ৷

কুম্ভ ৰাশি : সফলতাপূৰ্ণ এটা দিন ৷ ব্যৱসায়ত উন্নতিৰ যোগ ৷ পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ আৰু নতুন বন্ধু সৃষ্টিৰ সম্ভাৱনা ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজি উত্তম দিন ৷

মীন ৰাশি : কৰ্ম জীৱনত অশান্তিৰ সম্ভাৱনা ৷ আনৰ আগত মনৰ কথা প্ৰকাশ নকৰাটোৱে ভাল | প্ৰেমত শুভ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ বিবাহিত লোকসকলৰ বাবে দিনটো শুভ ৷

ABOUT THE AUTHOR

...view details