মেষ ৰাশি: দিনটো আৱেগিক হৈ থাকিব ৷ দুশ্চিন্তাৰ মাজত থাকিব ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ কাৰো লগত অতিপাত কথা নাপাতিব, সামান্য কথাবতৰাও সাংঘাতিক হৈ উঠিব পাৰে, যাৰ ফলত ঘনিষ্ঠ আৰু প্ৰিয়জনসকলে হতাশ হৈ দুখ পাব পাৰে ৷ সামাজিক মৰ্যাদা আৰু সন্মানৰ ক্ষতি কৰিব পাৰে এনেকুৱা পৰিস্থিতিৰপৰা দূৰত থাকক ৷ কোনো নতুন উদ্যোগ লৈ কাম আৰম্ভ নকৰিব ৷
বৃষ ৰাশি: সকলো পৰিস্থিতি সফলভাৱে চম্ভালি ল’ব পাৰিব ৷ ক’ৰবাত বিনিয়োগ কৰাৰ আগতে নিশ্চিত হৈ লওঁক যে, নিজৰ কষ্টেৰে অৰ্জন কৰা ধন সঠিক ঠাইতে বিনিয়োগ কৰি আছে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ আৰু শান্তিপূৰ্ণ থাকিব ৷ নিজৰ কামক উপভোগ কৰিব পাৰে ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ গ্ৰহ আজি অনুকূল ৷ স্বাস্থ্য ভালে থাকিব ৷
মিথুন ৰাশি: পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ ধন ব্যয় হ’ব ৷ বিনিয়োগ কৰাৰ সময়ত সাৱধানে কৰিব ৷ সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৷
কৰ্কট ৰাশি: দিনটো শুভ নহয় ৷ খৰচ বৃদ্ধি ৷ দিনটো চিন্তাত থাকিব ৷ সাৱধানে থাকক, কিয়নো দুশ্চিন্তাই ক্ষতি কৰিব পাৰে ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷ ঘৰুৱা পৰিৱেশ অনুকূল হৈ থাকিব ৷ মনৰ পৰা নেতিবাচক চিন্তা দূৰ কৰক ৷
সিংহ ৰাশি: অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ দিনটো বিৰক্তি লাগি থাকিব পাৰে ৷ মনটোক প্ৰফুল্ল ৰাখক ৷ খঙাল হৈ থাকিব ৷ ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ পাৰিবাৰিক নৈশভোজৰ পৰিকল্পনা কৰিব পাৰে ৷
কন্যা ৰাশি: ব্যৱসায়ীসকলৰ কাৰণে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ হ’ব, কাৰণ তেওঁলোকে প্ৰাপ্য ধন পাব পাৰে ৷ পেছাদাৰসকলৰ কাৰণেও দিনটো লাভদায়ক ৷ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ কথা কওতে সাৱধান ৷ নহ’লে কোনো ঘনিষ্ঠ বন্ধুৱে মনত আঘাত পাব পাৰে ।