মেষ ৰাশি:কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, বিপদত পৰিব পাৰে ৷ কোনো আইনী কাৰ্য পৰা আঁতৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওঁক ৷ একাগ্ৰতাৰ অভাৱ হব পাৰে । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানতাৰে গাড়ী চলাওক ৷ সন্ধিয়া সময়ত শাৰীৰিকভাৱে অধিক সক্ৰিয় অনুভৱ কৰিব ৷ ধৰ্মীয় যাত্ৰা কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ অপ্ৰত্যাশিত অৰ্থ লাভ কৰিব পাৰে ৷
বৃষ ৰাশি: পৰিয়াল বা সন্তানৰ ভাল খবৰে প্ৰফুল্লিত কৰি ৰাখিব ৷ শৈশৱৰ বন্ধুক লগ পাব পাৰে আৰু স্মৃতি ৰোমন্থন কৰিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এটা সফল দিন ৷ সঠিক স্থানত বিনিয়োগ কৰিব ৷ আইনী বিষয়ক লেনদেনত সতৰ্ক হওক ৷ ব্যয় বৃদ্ধি ৷
মিথুন ৰাশি: কৰ্তৃপক্ষ কামৰ দ্বাৰা সন্তুষ্ট হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধি হ’ব ৷ ধন লাভ কৰিব ৷ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব ৷ বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত সামাজিক অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগ গভীৰ চাপৰ মাজেৰে পাৰ হ’ব ৷ কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব ৷ ই বিৰক্ত কৰিব পাৰে ৷ আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: পৰিয়ালকেন্দ্ৰিক বিবাদ হব পাৰে ৷ অবৈধ আৰু অনৈতিক কাম কাজৰ পৰা বিৰত থাকক, ই সমস্যাত পেলাব পাৰে ৷ নেতিবাচক চিন্তাধাৰাই কঠিন দিনটো আৰু কঠিন কৰি তুলিব পাৰে ৷
কন্যা ৰাশি:দিনটো আনন্দৰে কটাব ৷ বন্ধবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়িক পাৰ্টনাৰ লগত ভাল সম্পৰ্ক থাকিব ৷ হঠাতে স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ ধন ব্যয় হ’ব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ৷