মেষ ৰাশি: আধ্যাত্মিকতাৰ সন্ধানত ব্যস্ত হৈ পৰিব ৷ ভাবিচিন্তি কথা ক’ব ৷ নতুন কোনো কাম আৰম্ভ নকৰিব, প্ৰতিপক্ষসকলৰ পৰা দূৰত থাকিব ৷ লাভবান হ’ব ৷
বৃষ ৰাশি: পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজনত ফুৰিবলৈ যাব পাৰে ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ সামাজিকভাৱে সন্মান লাভ ৷ ধন লাভ ৷
মিথুন ৰাশি:সকলো কাম সফলভাৱে সম্পন্ন কৰিব ৷ নাম-যশ বৃদ্ধি পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ’ব ৷ ধন লাভ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ হ’ব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব ৷ সতৰ্ক থাকিব ৷
কৰ্কট ৰাশি: ভাগৰুৱা অনুভৱ কৰিব ৷ চিন্তাত থাকিব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷
সিংহ ৰাশি: সাৱধান হৈ থাকক ৷ ভাবিচিন্তি কাম কৰিব ৷ সজাগ থাকিব ৷ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ কাগজপত্ৰৰ কাম আৰু পানীৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷
কন্যা ৰাশি: শৰীৰ সুস্থ হৈ থাকিব ৷ কামকাজ ভালকৈ কৰিব পাৰিব ৷ নিজৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব পাৰিব ৷ আধ্যাত্মিকতাত জ্ঞানৰ স্বীকৃতি পাব ৷