অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Nov 1, 2021, 12:03 AM IST

মেষ ৰাশি :দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ যতন লওক ৷ ভাল বন্ধু লাভ ৷

বৃষ ৰাশি :মনৰ কথা শুনক ৷ জীৱনৰ বহু ক্ষেত্ৰত সফল হʼব ৷ সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক ৷ ঘৰৰ কাম কৰিব পাৰে ৷

মিথুন ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ৷ বিপদ-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷

কৰ্কট ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ সুনাম বৃদ্ধি ৷ ভাগ্য ভাল ৷

সিংহ ৰাশি :দিনটোত মনোযোগ আৰু দৃঢ়তাৰ প্ৰয়োজন ৷ ধৈৰ্যৰে কাম কৰক ৷ ঘৰৰ পৰিৱেশ শান্ত ৷ ভাল বন্ধু লাভ ৷ বৈবাহিক জীৱন আনন্দময় ৷ বিলাসীতা আৰু আৰাম লাভৰ বাবে আয়ৰ কিছু অংশ ব্যয় হ’ব ৷ বিদেশত থকা আত্মীয় আৰু বন্ধুৰ লগত হোৱা সংযোগত আনন্দ লাভ কৰিব; ভাল খবৰৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি :দিনটো শুভ ৷ বিশেষকৈ মহিলাৰ ভাগ্য ভাল হʼব ৷ বিপদৰ সম্ভাৱনা নাই যদিও সতৰ্ক থকাটো ভাল | বিপদত পৰাৰ পৰা সুৰক্ষিত ৰাখিব ৷ আবেলিৰ সময়খিনি প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ ভাল হ’ব ৷

তুলা ৰাশি : সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷

বৃশ্চিক ৰাশি :দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ কৰ্মস্থানত ভাল বন্ধু লাভ ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ লক্ষ্যত সফল ৷ মহিলাসকলৰ ভাগ্য ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷

ধনু ৰাশি :ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিচাৰ-বিবেচনা কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে ৷ সফল হʼব ৷

কুম্ভ ৰাশি :দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ দুঃচিন্তা হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি :চৰকাৰী প্ৰকল্পত সফল হʼব ৷ যিকোনো নথিপত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্মস্থানত প্ৰবল হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ সফল হʼব ৷ কৰ্মত মনোযোগ দিব ৷ সন্ধিয়াটো প্ৰায় ভাল হ’ব ৷

ABOUT THE AUTHOR

...view details