মেষ ৰাশি: মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ক আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত ভাল ফল দেখুৱাব ৷
বৃষ ৰাশি: মনটো খঙাল হৈ থাকিব ৷ অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰি থাকি ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ধন আগমন হ’ব পাৰে ৷ শুভ দিন ৷
মিথুন ৰাশি: বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷ খৰচ বৃদ্ধি ৷ শুভ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷
কৰ্কট ৰাশি: প্ৰেমত শুভ ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
সিংহ ৰাশি: শান্ত হৈ থাকিব ৷ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ভাবি চাব ৷ আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ৷
কন্যা ৰাশি: লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত দিন ৷ লাভ বৃদ্ধি ৷ শুভ দিন ৷