মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়টো সংবেদনশীল ৷ আৱেগিক হৈ থাকিব ৷ কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে মনত আঘাত দিব পাৰে ৷ সম্পত্তি বা মাটি সম্বন্ধীয় সমস্যাত নোসোমাব ৷ এইবোৰ সম্বন্ধীয় কোনো চুক্তিত চহী নকৰিব ৷ পঢ়ুৱৈসকলৰ কাৰণে সময়টো বৰ কষ্টদায়ক ৷
বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাগ্য ভাল, গ্ৰহৰ অৱস্থানে এই আৱেগিক ভাৱৰ ওপৰত ভাল প্ৰভাৱ পেলাব ৷ আৰ্থিক সমস্যাৰ যোগ আছে ৷ ভ্ৰমণ পিছুওৱাক ৷
মিথুন ৰাশি: শুভ দিন ৷ আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে দিনটো আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব ৷ সকলো সমস্যাৰ সমাধান হ’ব ৷ ভ্ৰমণ নকৰিব ৷
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে শুভ ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সংবেদনশীল, খেয়ালী, আৰু অতি স্পৰ্শকাতৰ দিনটো উপভোগ কৰিব ৷ গ্ৰহৰ অৱস্থান ভাল ৷
সিংহ ৰাশি: দিনটো কষ্টকৰ হ’ব ৷ মনত দুখ পাব৷ আৱেগিক হৈ পৰিব ৷ সতৰ্ক থাকক, কথাবতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক আৰু আইনী বিষয়ত বিশেষ সাৱধান হ’ব । সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক ৷ মনৰ অৱস্থাক বুজি চলক ৷ চিনাকী মহিলাসকলৰ পৰা দূৰত থাকক ৷
কন্যা ৰাশি: দিনটো সৌভাগ্যশালী ৷ ঘৰতেই হওঁক বা পৰিয়ালৰ মাজতেই হওঁক বা ব্যৱসায়তেই হওঁক, জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰত প্ৰাপ্তিৰ যোগ আছে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গ্ৰহৰ অৱস্থান অনুকূল ৷ বান্ধৱীসকলৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷