মেষ ৰাশি: ভাগৰ, এলাহ আৰু অস্থিৰতা অনুভৱ কৰিব ৷ সাৱধান হ’ব ৷ সৰুসুৰা কথাত মুৰ গৰম নকৰিব ৷ ঘৰতেই হওঁক বা কৰ্মক্ষেত্ৰতেই হওঁক, কাকো আঘাত দি কথা নক’ব ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: ধন উপাৰ্জন কৰিব ৷ সফল হʼব ৷ জেষ্ঠ্যজনৰ পৰা পৰামর্শ লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত ভাল বন্ধু লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
কৰ্কট ৰাশি: গ্ৰহ ভাল ৷ দিনটো আনন্দদায়ক হৈ উঠিব ৷ সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ব্যয় বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷
সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কোনো সৰু কথাই খঙাল কৰি তুলিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সমনীয়া আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷
কন্যা ৰাশি: দিনটো কঠিন হʼব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়ে কাৰ্য-কর্মত প্ৰভাৱ পেলাব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ মাতৃৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷