মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময় সংবেদনশীল । আজি আপোনাৰ মনত আবেগৰ সৃষ্টি হ’ব, আপুনি সকলো প্ৰকাৰৰ কাম কৰিবলৈ সাজু হৈ থাকিব । কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে আপোনাৰ মনত আঘাত দিব পাৰে । সম্পত্তি বা মাটি-বাৰী সম্বন্ধীয় সমস্যাত নোসোমাব । এইবোৰ সম্বন্ধীয় কোনো চুক্তিত চহী নকৰিব । আপুনি যদি পিতৃ-মাতৃক লৈ কোনো সমস্যাত থাকে, তেতিয়া হ’লে তেওঁলোকৰ সৈতে এই বিষয়ত কথা পাতক । ক্ৰোধ ত্যাগ কৰক ৷ নেতিবাচক প্ৰভাৱ পেলাব পৰা মহিলাৰ পৰা আঁতৰত থাকক । উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ সাঁতুৰিবলৈ যোৱাৰ সলনি যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক । শিক্ষকসকলৰ কাৰণে সময়টো বৰ কষ্টদায়ক ।
বৃষ ৰাশি: আজি আপুনি আৱেগিক হৈ ৰ’ব । ভাগ্য ভাল, গ্ৰহৰ অৱস্থানে এই আৱেগিক ভাৱৰ ওপৰত ভাল প্ৰভাৱ পেলাইছিল, সেয়ে আপুনি স্বপ্নময়, প্ৰেমময় আৰু আৱেগৰ উষ্মতাৰে পৰিপূৰ্ণ হৈ থাকিব । সেয়ে আপোনাৰ পুৰণি কোনো বন্ধুৱে আপোনাক সাৱটি ধৰিব বা ক’ৰবাৰপৰা আৱেগিক এটি গীতৰ সুৰ আপোনাৰ কাণত ভাঁহি অহাৰ ফলত আপোনাৰ চকুৰপৰা যদি পানী নিগৰি আহে, তেতিয়া হ’লে আপোনাৰ মনৰ এই অস্বাভাৱিক আচৰণ চাই আচৰিত নহ’ব । আপুনি আজি নষ্টালজিক হৈ ৰ’ব, আৰু নিজৰ পৃথিৱীতেই নিমগ্ন হৈ ৰ’ব, নিজৰ দৈনন্দিন কামবোৰ পাহৰি থাকিব । আপোনাৰ মনটো ভাল লাগিব, আপুনি কল্পনাপ্ৰৱণ আৰু সৃজনশীল হৈ থাকিব । সৃজনাত্মক সৃষ্টিশীল ক্ৰিয়াকলাপত যুক্ত হ’ব । প্ৰিয়জনৰ বাবে ৰন্ধাবঢ়া কৰক, কিয়নো এয়াও যে এক প্ৰকাৰ শিল্প । অকস্মাৎ ভ্ৰমণ বা আৰ্থিক সমস্যাৰ যোগ আছে ।
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ আকৰ্ষণীয় । আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব দিনটো, তেওঁলোকৰ সৈতে সাক্ষাতে আপোনাক প্ৰচুৰ আনন্দ দিব । আপোনাৰ যদি বাগদান বা বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণ থাকে, তেতিয়া হ’লে নোযোৱাকৈ নাথাকিব । সন্ধিয়া আপোনাৰ ক’ৰবাত যাবলগীয়া থাকিলে, আপুনি হয়তো সেয়া বাতিল কৰিব, কিয়নো কিছু আৰ্থিক পৰিকল্পনা তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে। আৰম্ভণিত আপোনাৰ অলপ কষ্ট হ’ব । কিন্তু চিন্তা কৰিব নালাগে, এয়া সাময়িক, অতি সোণকালেই সকলো সমস্যাৰ সমাধান হৈ যাব । আপুনি বহুত সকাহ পাব, আনন্দও পাব । কৰ্মক্ষেত্ৰত অলুকূল অৱস্থা, কিন্তু তাৎক্ষণিকভাৱে লেখতল’বলগীয়াকৈ একো নোহোৱাৰ সম্ভাৱনাই অধিক । আপোনাৰ ব্যক্তি জীৱনত গ্ৰহই যি লাভ কঢ়িয়াই আনি আছে, সেইটোক প্ৰাধান্য দিয়ক আৰু তাৰ সদ্ব্যৱহাৰ কৰক ।
কৰ্কট ৰাশি:কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে এনেকুৱা সময় আৰু দোনাই নাহে । আজি আপোনাৰ গ্ৰহবোৰ এনেকৈ কাৰ্যকৰ হ’ব যে সেয়া একেবাৰে আপোনাৰ স্বভাৱৰ অনুকূল । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সংবেদনশীল, খেয়ালী, আৰু অতি স্পৰ্শকাতৰ, তেওঁলোকে আজিৰ দিনটো উপভোগ কৰিব, কিয়নো সকলোৱে আৰু সকলো বস্তু আপোনাৰ পছন্দ অনুসৰি কাম কৰিব। আপুনি যি বিচাৰে তাকেই হ’ব । বন্ধুক লগ ধৰক, তেওঁলোকৰ লগত বহি কফিৰ পিছত কফি খাই মেল পাতি থাকক, উপহাৰ আদানপ্ৰদান কৰক, আৰু ভাগৰি নপৰালৈকে শ্বপিং কৰি থাকক! দিনটো উপভোগ কৰি যাওঁক । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভালে আছে, ইয়াৰ সদ্ব্যৱহাৰ কৰক। আৰু আপুনি যদি নিজৰ মনৰ একেবাৰে গভীৰ অনুভূতি কোনোবাৰ ওচৰত ব্যক্ত কৰিব বিচাৰে, তেতিয়া হ’লে কৰি দিয়ক এতিয়াই। আনন্দদায়ক ভ্ৰমণ, জুতিলগা খাদ্য উপভোগৰ যোগ আছে। প্ৰেমৰ সম্পৰ্কত থকা মানুহে আশ্চৰ্য, শিহৰণকাৰী এক সম্পৰ্ক উপভোগ কৰিব নিজৰ সংগী বা সংগিনীৰ সৈতে ।
সিংহ ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে বহুত কষ্টকৰ । আজি আপুনি বিপাঙত থাকিব, মনত দুখ পাব আৰু দৈনন্দিন কামবোৰ কৰাৰ ক্ষেত্ৰত কোনো নিয়ম নমনাকৈ চলিব লাগিব বাবে আপুনি বিমোৰত পৰি যাব । আজি আপোনাৰ আৱেগিক প্ৰতিক্ৰিয়া স্বাভাৱিকৰ তুলনাত অধিক শক্তিশালী হৈ থাকিব । সতৰ্ক থাকক, কথাবতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক, আৰু আইনী বিষয়ত বিশেষ সাৱধান হ’ব । সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক । আপুনি নিজৰ মনৰ অৱস্থাক বুজি চলক, আপুনি যি কোনো মানুহৰ চক্ৰান্তৰ চিকাৰ হ’ব পাৰে, কোনোবাই আপোনাক আপোনাৰ ইচ্ছাৰ বিৰুদ্ধেই অকস্মাৎআৱেগৰ বশৱৰ্তী কৰাই কোনো কাম কৰাই ল’ব পাৰে, যি কাম কৰি আপোনাৰ পিছত অনুতাপ হ’ব পাৰে । চিনাকী মহিলাসকলৰপৰা দূৰত থাকক । বিদেশৰপৰা খবৰ আহিব ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী। পুৰস্কাৰ, সুযোগ-সুবিধা, লাভ ইত্যাদি আপোনাক যি লাগে, তাকেই পাব। ঘৰতেই হওক বা পৰিয়ালৰ মাজতেই হওক বা ব্যৱসায়তেই হওক, জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰত এই প্ৰাপ্তিৰ যোগ আছে। এই সময়ত ভ্ৰমণ হ’লে বৰ আনন্দ পাব, আৰু ইয়াৰ ফলত আপুনি নিজৰ প্ৰেয়সীৰ অধিক ঘনিষ্ঠ হৈ উঠিব পাৰিব । যিসকলে প্ৰেম বা বিবাহপ্ৰাৰ্থী, তেওঁলোকৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল । বান্ধৱীসকলৰ দ্বাৰা উপকৃত হ’ব পাৰে । আনন্দ উপভোগ কৰক! আৰ্থিক দিশত গ্ৰহৰ অৱস্থান অত্যন্ত উদাৰ, সেয়ে আপোনাৰ ধনবৃদ্ধি হ’ব । ব্যৱসায়ত প্ৰাপ্য ধন পোৱাৰ বাবে আপুনি ক’ৰবাত যাব পাৰে, এই ভ্ৰমণ আপোনাৰ বাবে ফলদায়ক হ’ব ।