মেষ ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, সেইবাবে আপুনি আজি বৰ উৎসাহ-উদ্দীপনাৰে কামবোৰ সমাপন কৰিব ৷ ধনৰ ক্ষেত্ৰত আজি শুভ ৷ আজি আপুনি নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে দিনটো কটাব ৷ মাতৃৰপৰা কিবা লাভ পোৱাৰ সম্ভাৱনা আছে ৷ আজি আপোনাৰ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশে সৃষ্টি কৰিব ৷
বৃষ ৰাশি: আজি আপোনাৰ মূলমন্ত্ৰ হ’ল সাৱধানতা ৷ সকলো প্ৰকাৰৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব ৷ আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ আপোনাৰ পৰিয়ালৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ আজি যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ আপুনি যিমান ভাবিছে তাতকৈ অধিক ব্যয় হ’ব ৷ আপুনি সফলতা পাব বিচাৰিলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷
মিথুন ৰাশি:প্ৰচুৰ লাভৰ যোগ ৷ বিবাহৰ কথা ভাবি থকা সকলে জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুসকলৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব ৷ তেওঁলোকৰ পৰা আপুনি উপকৃতও হ’ব পাৰে ৷ তদুপৰি আপুনি নিজৰ ভাই-ভনী, পত্নী আৰু পুত্ৰৰ পৰাও উপকৃত হ’ব ৷ বান্ধৱীসকলৰ কাৰণে কিবা কাম কৰিব পাৰে ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব ৷ নিজৰ বৃত্তিৰ জগতত লাভবান হ’ব ৷ মহিলাসকলৰ মাজত থকাৰ বিলাসীতাই আপোনাৰ বাবে দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷
কৰ্কট ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ আজি আপুনি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত আনন্দ পাব ৷ আপোনাৰ পদোন্নতিক যোগ আছে ৷ আপুনি আজি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব পাৰে ৷ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে আজি ৷ আজি গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷
সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আগতে আপুনি যি লক্ষ্যস্থিৰ কৰি থৈছে, সেয়া আজি পূৰণ হ’ব পাৰে ৷ আজি আপোনাৰ সপোন বাস্তৱ হ’ব পাৰে ৷ ধৰ্মীয় কাৰ্যকলাপে আপোনাক ব্যস্ত ৰাখিব পাৰে ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ বিদেশত বসবাস কৰা আত্মীয়-স্বজনৰ খা-খবৰ পাব পাৰে ৷ আপুনি সম্ভৱ মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত আপুনি ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷
কন্যা ৰাশি:আজি নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগিব ৷ জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱা-লোৱা বিশেষকৈ এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক কিয়নো আজি আপোনাৰ মূৰ হঠাতে গৰম হৈ যাব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত আলোচনা কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বে-আইনী বা চৰকাৰ-বিৰোধী কামকাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদত জড়িত নহ’ব ৷