অসম

assam

ETV Bharat / bharat

Daily Horoscope For 18th January: আজিৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 18TH JANUARY 2023
দিনটোৰ ৰাশিফল

By

Published : Jan 18, 2023, 5:06 AM IST

মেষৰাশি: আজিৰ দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰিত প্ৰভাব পেলাব ৷ আপোনাৰ কোৱা কথাৰ ওপৰত চকু ৰাখক আৰু খঙক দমন কৰক ৷ মন দিয়ক যাতে অযথা কথাত সময় নষ্ট নকৰে ৷ আপোনাৰ প্ৰতিদ্বন্দীসকলে আপোনাক তল পেলাবলৈ চেষ্টা কৰিব, কিন্তু আপুনি তাৰ পৰা পৰিত্ৰাণ পাব ৷ ভ্ৰমণ সুখৰ নহ’ব গতিকে অলপ দিনৰ বাবে ভ্ৰমণ নকৰাই ভাল ৷ আজি আপুনি সম্পূৰ্ণৰূপে ভাগৰুৱা অনুভৱ কৰিব ৷ এই সমস্যা অলপ দিনৰ বাবে চলি থাকিব ৷ নতুন কাম হাতত লবলৈ অলপ দিন ৰৈ দিয়ক ৷

বৃষৰাশি: শুভ দিন ৷ ভাগ্যৰ লগত যুঁজি জিকিব ৷ শৰীৰ আৰু মানসিকভাবে শান্তি লাভ কৰিব আৰু এই উপহাৰ ভালপোৱাজনৰ লগত ভগাব পাৰিব ৷ দূৰৰ পৰা বন্ধু বা সন্তানৰ ক্ষেত্ৰত ভাল খবৰ আহিব ৷ পাৰিবাৰিক ক্ষেত্ৰত সকলোফালে সুন্দৰ হ’ব ৷ আপুনি আপোনাৰ সংগীৰ লগত সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব আৰু দুয়ো দুয়োৰে আৰু ওচৰ চাপি যাব ৷ সমাজিক জীৱন সুন্দৰ হ’ব, আপুনি কেৱল ধনৰ বিষয়ে চিন্তা কৰিলেই হ’ব ৷

মিথুনৰাশি: আপুনি যেনেদৰে বিচাৰে আপোনাৰ দিন তেনেকুৱাই হ’ব ৷ আপোনাক দিয়া কাম সঠিকভাবে পুৰা কৰিব পাৰিব, ঘৰুৱা জীৱনো সুখৰ হ’ব ৷ ঘৰৰ শান্তিপূৰ্ণ পৰিৱেশে আপোনাৰ ওপৰত প্ৰভাব পেলাব ৷ আপোনাৰ প্ৰতিদ্বন্দীৰ লগত যুঁজি নিজৰ সন্মান ঘূৰাই পাব ৷ ধনৰ আগমন হ’ব, কিন্তু তাৰ লগে লগে খৰচৰ মাত্ৰা বাঢ়িব, অৱশ্যে দৰকাৰী বস্তুতহে খৰচ হ’ব৷ আপোনাৰ মন ভাল হৈ থাকিব আৰু শৰীৰেও আপোনাৰ লগ দিব ৷ অলপ কথাতে বিশেষকৈ মহিলা বন্ধুৰ ব্যৱহাৰত খং কৰা বন্ধ কৰক ৷ নহলে আপোনাৰ ইমান এটা ভাল দিন অথলে যাব ৷

ককৰ্টৰাশি: আপুনি আজি বৰ ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰিৰীক আৰু মানসিকভাবে অস্থিৰ অনুভৱ কৰিব ৷ আপোনাৰ সংযম হেৰাই যাব আৰু প্ৰিয় সংগীৰ লগতে দন্দত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ গতিকে অলপ সময় অকলে থাকি ভাৱক আৰু নিজৰ মনক কাবু কৰক আৰু তেওঁৰ লগত অলপ বুজাবুজিলৈ আহক ৷ যাৰ বাবে এটা সুন্দৰ দেওবাৰৰ দুপৰীয়া উপভোগ কৰিব পাৰিব ৷ আপুনি সৰু সুৰা অসুখ যেনে মূৰৰ বিষ বা পেট জ্বলা পোৰা আদি সমস্যাত ভুগিব পাৰে ৷ শৰীৰৰ যত্ন লওক, বাহিৰত খোৱা বন্ধ কৰক ৷ খৰচৰ মাত্ৰা বাঢ়িব আৰু ভ্ৰমণ বৰ শুভ নহ’ব ৷ আপোনাৰ তলতীয়া কৰ্মচাৰীসকলে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, গতিকে অলপ সাবধানে থাকক ৷

সিংহৰাশি: দিন বৰ ভাল নহয়, কিন্তু চিন্তা নকৰিব অতি সোনকালে সকলো ঠিক হ’ব ৷ আপোনাৰ খাদ্যত ইয়াৰ প্ৰভাৱ পৰিব ৷ গতিকে নিজে বনাই হলেও সময়ত খাদ্য গ্ৰহণ কৰক ৷ ঘৰুৱা পৰিৱেশে আপোনাক চিন্তাত পেলাব ৷ আনকি আপোনাক কোনোবাই অপমান কৰিব পাৰে ৷ কাৰ্যক্ষেত্ৰত বিপদত পৰিব পাৰে, যিয়ে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ মাতৃৰ শৰীৰক লৈও চিন্তাত পৰিব পাৰে ৷ বিপৰীতমুখী চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকক, পানী আৰু মহিলাৰ পৰা আঁতৰি থাকক ৷ কাগজী কাম-কাজত বেছি সাবধান হওক ৷ বেয়া চিন্তা নকৰিব, সময়ক পাৰ হৈ যাবলৈ দিয়ক

কন্যাৰাশি: দিন লাহে লাহে ভাললৈ অহা যেন লাগিছে ৷ আপুনি সাবধান হওক যাতে নভবাকে কোনো সিদ্ধান্তত উপনীত নহয় ৷ চমুকৈ ক’বলে গলে সকলো কথা এশবাৰ ভাবক ৷ ঘৰুৱা পৰিৱেশ আৰু আপোনাৰ ভাতৃ ভগ্নীৰ লগত বা আপোনাৰ প্ৰিয় সংগীৰ লগত ভাল সময় কটাব পাৰিব ৷ তেওঁলোকৰ লগত সুন্দৰ আবেলি উপভোগ কৰিব পাৰিব ৷ আপোনাৰ প্ৰতিদ্বন্দীসকল আপোনাৰ লগত পৰাজিত হ’ব আৰু আপুনি বিজয়ী হ’ব ৷ যিকি নহওক আপুনি অলপ মানসিক দুখত ভুগিব লগা হ’ব পাৰে আৰু অলপ ভাগৰুৱা অনুভব কৰিব পাৰে, কিন্তু প্ৰাৰ্থনাই সকলো ঠিক কৰিব ৷

তুলাৰাশি:খেলিমেলি লগা দিন ৷ গতিকে ধৈয্য ধৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিজকে আৰু বেছি বুজন ব্যক্তিৰ পৰিচয় দিয়ক ৷ মানুহৰ লগত ভাল ব্যৱহাৰ কৰক ৷ কোনো বিশেষ সিদ্ধান্ত এতিয়াই গ্ৰহণ নকৰিব, অলপ সময় লওক ৷ নতুন একো কাম এতিয়া আৰম্ভ নকৰাই মংগল ৷ ভ্ৰমণ অলপ দিনৰ বাবে বাতিল কৰক ৷ আপোনাৰ ভালপোৱা ব্যক্তিৰ লগত বাদ-বিবাদত লিপ্ত নোহোৱাই ভাল, তেওঁৰ লগত ভাল ব্যৱহাৰ কৰক অন্যথা আপুনি লাজ বা আঘাত পাব পাৰে ৷

বৃশ্চিকৰাশি: গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগতো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত হ’ব ৷ আপোনাৰ চাৰিওফালৰ লোকৰ পৰা আনন্দ পাব আৰু বন্ধু বা প্ৰেমীকৰ পৰা উপহাৰ লাভ কৰিব ৷ বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব আৰু অকলশৰীয়া সকলে প্ৰেমী বা বিপৰীত লিংগৰ বন্ধুৰ পৰা ভাল ব্যৱহাৰ পাব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব ৷

ধনুৰাশি: দিনটো বৰ সুন্দৰ নহয় ৷ আপুনি কামৰ ক্ষেত্ৰত বিশেষ অসুবিধা পাব ৷ আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিয়ে আপোনাক চিন্তাত পেলাব ৷ শান্ত থাকক আৰু ধৈয্য ধৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰক ৷ ঘৰুৱা পৰিৱেশতো অশান্তিৰ সৃষ্টি হ’ব, আপুনি প্ৰিয় ব্যক্তিসকলৰ পৰা আঘাত পাব পাৰে ৷ এই অৱস্থা কিছুদিন চলি থাকিব ৷ আপোনাৰ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আইনী কাগজত চহী কৰাৰ আগতে দুবাৰ চিন্তা কৰক ৷

মকৰৰাশি: সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত হঠাৎ লগ হ’ব পাৰিব আৰু এই সময় লাভজনক হ’ব ৷ বিবাহ লাভজনক হ’ব ৷ বিবাহ প্ৰাৰ্থীসকলে বিশেষজনক লগ পাব পাৰে ৷ ঘৰত পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু বিশেষ দৰকাৰী বস্তু কিনিব পাৰিব ৷ ষ্টকত পইচা লগালে লাভজনক ফল লাভ কৰিব ৷ আপোনাৰো সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু আপুনি কৰা সকলো কামত আপুনি সফল হ’ব ৷

কুম্ভৰাশি: কুম্ভৰাশি সকলৰ বাবে আজিৰ দিনটো শুভ ৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে এটা ডাঙৰ উপহাৰে বাট চাই আছে ৷ সহযোগী সকলৰ পৰা লাভ হ’ব ৷ জ্যেষ্ঠজনৰ পৰা আৰ্শীবাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ মানসিকভাৱে শান্তি আৰু পাৰিবাৰিক ভাৱে সুন্দৰ দিন পাৰ হ’ব ৷ আপোনাৰ বিচৰাখিনি আপুনি লাভ কৰিব ৷

মীনৰাশি: আপোনাতকৈ অধিক শক্তিশালী লোকৰ সৈতে গোলমাল নকৰিব । আজি আপুনি ভাগৰুৱা আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব । আপোনাৰ মন আজি নেতিবাচক আৰু অনাৱশ্যক চিন্তাৰে পূৰ্ণ হৈ থাকিব । প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিক এৰাই চলাই ভাল । আপোনাৰ এনেকুৱা লাগিব যেন আপুনি বৰ বিপদত পৰি গৈছে । ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হ’ল ইতিবাচক চিন্তা আৰু মানসিক শক্তি । আপোনাৰো যে মূল্য আছে সেয়া প্ৰমাণ কৰাৰ এয়াই সময় ।

ABOUT THE AUTHOR

...view details