অসম

assam

ETV Bharat / bharat

Daily Horoscope For 18th February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো - ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 18th February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

By

Published : Feb 18, 2023, 5:05 AM IST

মেষ ৰাশি:এটা মিশ্ৰিত ফলাফলৰ দিন ৷ আপোনাৰ অফিচৰ বচৰ লগত বিশেষ বিষয়ত আলোচনা কৰিব লাগিব ৷ এটা ব্যৱসায়িক ভ্ৰমণৰ যোগ ৷ চৰকাৰৰ ফালৰ পৰা আপুনি পোৱা কামত বিশেষ সুবিধা লাভ কৰিব ৷ দৰকাৰী সিদ্ধান্ত গ্ৰহণৰ সময়ত খৰধৰ নকৰিব ৷ মাতৃৰ শৰীৰ ভালে থাকিব ৷

বৃষ ৰাশি:ব্যৱসায়ৰ বাবে সুন্দৰ দিন ৷ চাকৰিয়াল সকলৰ বাবে উন্নতিৰ দিন ৷ বিদেশ ভ্ৰমনৰ যোগ ৷ এখন তীৰ্থ ভ্ৰমণ কৰিব পাৰে ৷ শৰীৰৰ ফালে চকু দিয়ক কাৰণ শৰীৰে আপোনাক কিছু অশুবিধাত পেলাব ৷ আপোনাৰ হাতলৈ বহুতো কাম আহিব, সাজু হওক ৷

মিথুন ৰাশি:বিশেষ কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে ৷ আপুনি মানসিকভাৱে আৰু শাৰীৰিকভাৱে অশুষ্ট অনুভৱ কৰিব ৷ সেয়ে আপোনাৰ ভালপোৱা কামত মন দিয়ক যিয়ে আপোনাক চিন্তামুক্ত কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰছৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷

কৰ্কট ৰাশি:পৰিয়ালৰ লগত আৰু বন্ধুৰ লগত আনন্দপূৰ্ণ মূহুত্ব পাৰ কৰিব ৷ ধনাগমনৰ দিশ মুকলি হ'ব ৷ ব্যৱসায়ীসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিব আপোনাৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব পাৰিব ৷ সমাজত আপোনাৰ সন্মান বাঢ়িব ৷

সিংহ ৰাশি:গ্ৰহৰ প্ৰভাৱত আজি আপুনি অলপ অশুবিধাৰে ভৰা দিন পাৰ কৰিব লাগিব ৷ আপোনাক চিন্তা ,উদ্দেগ আৰু খঙে চাৰিওফালৰ পৰা আগুৰি ৰাখিব ৷ কায্যালয়ৰ পৰিবেশ কাম কৰাৰ বাবে আৰামদায়ক নহব আৰু তাৰ ফলত আপোনাৰ দৈনিক কায্য সম্পন্ন কৰাত দেৰি হ'ব ৷ বচৰ চকু আপোনাৰ ওপৰত পৰিব , সেয়ে তেওক সন্তুষ্ট ৰখাৰ চেষ্টা কৰক ৷সহকৰ্মি সকলৰ বৰ সহায় নাপাব ৷ মুঠতে আজিৰ দিনটো গতানুগতিক হ'ব ৷

কন্যা ৰাশি: ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতি কষ্টকৰ দিন ৷ আপোনাৰ মনোযোগ ব্যাঘাট হ'ব, গতিকে আপোনাৰ চিন্তাবোৰ একাশৰিয়া কৰক ৷ জমা কৰা সকল বিশেষ সাবধান হওক ৷ জ্ঞানবৰ্ধক আলোচনাৰ পৰা আৰু তৰ্কা তৰ্কিৰ পৰা আতৰত থাকক ৷

তুলা ৰাশি:এটা জন্জালে ভৰা দিন ৷ আপোনাৰ বাবে শান্ত থকা টান হৈ পৰিব ৷ সম্পত্তিৰ ক্ষেত্ৰত লব লগা নিৰ্ণয়ৰ বিষয়ত সবধান হওক ৷ ভ্ৰমন বাতিল কৰক ৷ ঘৰুৱা পৰিবেশ কিছু বিপদজনক হব ৷ তৰ্ক বিতৰ্কৰ পৰা আতৰত থাকক , যদিহে আপোনি এইবোৰত লিপ্ত হয় তেন্তে আপোনাৰ সন্মান হানি হ'ব পাৰে ৷

বৃশ্চিক ৰাশি: ভাগ্যই আপোনালৈ চায় হাহিঁ মাৰিব ৷ ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে , আনন্দপূৰ্ণ হব ৷ আপোনি সমগ্ৰ দিন প্ৰসন্ন হৈ থাকিব ৷

ধনু ৰাশি: দুবিধাত নপৰিব , কাম পুৰা কৰাত গুৰুত্ব দিয়ক ৷ ঘৰুৱা পৰিবেশ সুবিধাজনক নহব ৷ শান্ত হবলৈ চেষ্টা কৰক ,কাৰণ আপোনাৰ খঙে অশুবিধাত পেলাব ৷ ৰৈ যোৱ কাম সম্পূৰ্ণ কৰাত অশুবিধা হব কিন্তু শান্ত ভাবে কৰিলে কাম সমাধা কৰিব পাৰিব ৷ যিকোনো বিষয়ৰ সিদ্ধান্ত গ্ৰহন আজি বাতিল কৰক ৷ কামৰ বোজা বহু বেছি বৃদ্ধি হব ৷

মকৰ ৰাশি: আজিৰ দিনটো আধ্যাত্মিক আৰু ধৰ্মীয় ক্ৰিয়াকলাপত পাৰ হৈ যাব। বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ইতিবাচক ফল আশা কৰিব পাৰে। আপোনাৰ সকলো প্ৰয়াস আৰু প্ৰচেষ্টা সুফল প্ৰদান কৰিব পাৰে। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে। পদোন্নতি আৰু বৃদ্ধিৰ ইংগিত আছে। বন্ধু আৰু আত্মীয়ৰ সৈতে সাক্ষাত্ আনন্দদায়ক হ’ব। ঘৰৰ পৰিৱেশ উজ্জ্বল আৰু উত্সাহপূৰ্ণ হৈ থাকিব। সৰুসুৰা দুৰ্ঘটনা হোৱাৰ কথা নুই কৰিব নোৱাৰি। গতিকে সাৱধানে থাকক। স্বাস্থ্যক লৈ কোনো সমস্যা হোৱাৰ লক্ষণ নাই।

কুম্ভ ৰাশি: আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে বেয়া অনুভব কৰিব ৷ পৰিয়ালৰ সৈতে মনোমালিন্য হ'ব পাৰে ৷ আপোনাৰ খং, কথা আৰু খৰছৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আইনী বিষয়ত সিদ্ধান্ত লওতে সাৱধান হ'ব ৷ আনৰ কথাত বেছি মন নিদিব, এনে কৰি আপুনি নিজে এনে বিষয়ত অযথা সোমাই পৰিব আৰু অশুবিধা পাব ৷

মীন ৰাশি: আপোনাৰ বাবে সামাজিক কাম আনন্দৰ বিষয় নহয়, কিন্তু আজি তাৰ লগত আপুনি জড়িত হৈ পৰিব ৷ তেওঁলোকৰ সৈতে ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব ৷ গ্ৰহৰ প্ৰভাৱত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব ৷ পত্নী আৰু প্ৰিয়জনৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰিব ৷

ABOUT THE AUTHOR

...view details