অসম

assam

ETV Bharat / bharat

Daily Horoscope For 18th April: আপোনাৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 18th April 2023
আপোনাৰ দিনটোৰ ৰাশিফল

By

Published : Apr 18, 2023, 5:01 AM IST

মেষ ৰাশি: সমগ্ৰ মিনটো আপোনাৰ বাবে ইতিবাচক ৷ গোটেই দিনটো নিজকে সতেজ অনুভৱ কৰিব আৰু কৰিবলগীয়া কামসমূহ আগ্ৰহেৰে কৰি যাব ৷ লক্ষ্মী দেবীৰ আৰ্শীবাদ আপোনাৰ ওপৰত থাকিব ৷ সুন্দৰ ঘৰুৱা পৰিবেশে আপোনাৰ মনক সতেজ কৰি তুলিব ৷ সামাজিক আলোচনাৰ আয়োজন হ'ব পাৰে ৷ পৰিবেশৰ পূৰ্ণ লাভ গ্ৰহণ কৰক ৷ মাতৃৰ ফলৰ পৰা ভাল খবৰ আশা কৰিব পাৰে ৷

বৃষ ৰাশি: সাৱধানে থাকক! বেয়া শৰীৰ আৰু দূৰ্বল চকুৰ বাবে চিন্তাত পৰিব পাৰে ৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ'ব পাৰে ৷ আজি হাতত লোৱা কাম সম্পূৰ্ণ কৰাত বিফল হ'ব ৷ জেপত ফুটা থকাৰ দৰে খৰচৰ মাত্ৰা বাঢ়িব ৷ কঠোৰ কাৰ্যপ্ৰণালীৰে উন্নতিৰ মুখ দেখা পাব ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: আজি সকলো ক্ষেত্ৰৰ পৰ এটা লাভজনক দিন বুলিব পাৰি ৷ বিবাহ প্ৰাৰ্থীসকলে জীৱনসংগী বিচাৰি পাব পাৰে ৷ ধনৰ আগমণ ৷ বন্ধুৰ সৈতে সময় কটাই ভাল পাব ৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে লাভৰ মুখ দেখিব আৰু উপাৰ্জন বৃদ্ধি হ'ব ৷ ভাল সময়ৰ সৎ ব্যৱহাৰ কৰক ৷

কৰ্কট ৰাশি: আজি স্ত্ৰীভাগ্য আপোনাৰ অনুকূলত থাকিব । বিদেশৰপৰা খবৰ আহিব পাৰে । আপুনি সৰু-সুৰা কোনো ভ্ৰমণ বা তীৰ্থযাত্ৰাত যাব পাৰে । আজি আপুনি গোটেই দিন মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আজি আপুনি হয়তো দিনটো বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আনন্দেৰে কটাব । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ হ’ব পাৰে বা অকস্মাৎ আৰ্থিক লাভ হ’ব পাৰে । বিদেশত বা তীৰ্থযাত্ৰাত যোৱাৰ পৰিকল্পনা বাস্তৱায়িত হ’ব পাৰে ।

সিংহ ৰাশি:এই দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ী ৷ কিছুমান কথাই আপোনাক খং তুলিব ৷ বিদেশত থকা আপোনাৰ প্ৰিয়জনৰ পৰা খবৰ পাব ৷ আপোনাক অৰ্পণ কৰা কামত বাধা আহিলেও আপুনি সেই বাধাবোৰ নেওচি কামত মন দিয়ক ৷ আপোনাৰ সন্তানৰ কিছুমান সমস্যাই আপোনাক মানসিকভাৱে চিন্তিত কৰি তুলিব ৷

কন্যা ৰাশি:আপুনি কৰিবলৈ বিচৰা নতুন কামৰ আৰম্ভণি আজি নকৰাই ভাল ৷ ৰাস্তাৰ কাষৰ খোৱা বস্তুৰ দোকানৰ পৰা খাদ্য খোৱা বন্ধ কৰক অন্যথা বেমাৰত পৰিব ৷ খং দমন কৰক আৰু মানুহক বেয়া ব্যবহাৰ কৰা বন্ধ কৰক অন্যথা বিপদত পৰিব ৷ পৰিয়ালৰ লগত হোৱা আলোচনাই আপোনাৰ মনত দুখ দিব ৷ পানীৰ পৰা সাবধানে থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বে-আইনী আৰু অনৈতিক কাম কাজৰ পৰা আতৰত থাকক ৷

তুলা ৰাশি: আজি আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাম-কাজত ব্যস্ততাৰে আজি দিনটো পাৰ হ'ব ৷ আজি আপোনাৰ নতুন কাপোৰ আৰু অলংকাৰ ক্ৰয় কৰাৰ যোগ আছে ৷ মানসিক আৰু শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব ৷

বৃশ্চিক ৰাশি:পাৰিবাৰিক ক্ষেত্ৰত শান্তিপুৰ্ণ পৰিবেশ অনুভৱ কৰিব ৷ আপুনি শাৰীৰিক তথা মানসিকভাৱে সতেজ অনুভৱ কৰিব ৷ আগৰ পৰা ভুগি থকা শাৰীৰিক অসুষ্টতা দূৰ হ'ব ৷ কাৰ্যক্ষেত্ৰত সহযোগীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু প্ৰতিযোগিতাত বিজয়ী হ'ব ৷ পুৰণি মহিলা বন্ধুৰ পৰা সহায় পাব আৰু মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷ আধৰুৱা কাম সমাপ্ত কৰিব পাৰিব ৷ একে সময়তে খৰচৰ মাত্ৰা বাঢ়িব যদিও ধনৰ আগমনো হৈ থাকিব ৷

ধনু ৰাশি:ভ্ৰমণৰ পৰিকল্পনা অলপ দিনৰ কাৰনে বাদ দিয়ক ৷ খাদ্য হজম কৰাত আপোনাক অশুবিধাত পৰিব পাৰে ৷ সন্তানৰ শৰীৰ আৰু পৰিকল্পনায় আপোনাক সমগ্ৰ দিনটো চিন্তাত পেলাব ৷ কামত অকৃতকায্যতাই আপোনাৰ মনত ক্ৰিয়া কৰি থাকিব ৷ খঙক দমনৰ চেষ্টা কৰক আৰু আলোচনাৰ পৰা নিজকে আতৰাই ৰাখক ৷ নিজকে কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ব্যস্ত ৰাখক ৷ আপোনাৰ প্ৰিয়জনৰ লগতভাল সময় কটাব পাৰিব ৷

মকৰ ৰাশি: এলাহ ভাবৰ বাবে আপোনাৰ শৰিৰ আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিৰোধিতা হ'ব পাৰে ৷ আপুনি বুকুৰ বিষ আৰু ৰাতি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এনে ঘটনা হব পাৰে যি আপোনাৰ সামাজিক সন্মান হানি কৰিব ৷ আপোনাৰ বাবে দিনটো আনন্দবিহীন অনুভৱ হ'ব ৷ পানীৰ পৰা সাৱধানে থাকক আৰু মহিলাৰ বিপৰীত বুদ্ধিৰ পৰা সাৱধান হওক ৷ ভাল টোপনিৰ বাবে ধ্যান আৰু যোগৰ অভ্যাস কৰক ৷

কুম্ভ ৰাশি:এটা আনন্দপুৰ্ন দিন আৰু নিজকে সতেজ অনুভব কৰাৰ সময় ৷ বন্ধুৰ লগত সময় কটাব পাৰিব আৰু নিজৰ ভাতৃ ভগ্নীৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ সুযোগ লাভ কৰিব ৷ এটা সৰু ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ বহুতো প্ৰতিযোগিতাৰ মাজটো আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব ৷

মীন ৰাশি:এইসময়ৰ গুৰুত্বপুৰ্ণ কাম হৈছে নিজৰ ধনৰ দিশটোত চকু ৰখা ৷ আপোনাৰ খঙৰ বাবে কৰোবাক কটু কথা শুনাব পাৰে ৷ শৰীৰৰ মিশ্ৰ ফল লাভ কৰিব ৷ ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক ৷ পৰিয়ালৰ লগত অলাগতিয়াল বিষয়ত তৰ্কৰ পৰা আঁতৰি থাকক ৷ অন্যথা পৰিয়ালৰ মাজত বিভেদৰ সৃষ্টি হ'ব পাৰে ৷

ABOUT THE AUTHOR

...view details