মেষ ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো শান্তিৰে পাৰ হ’ব ৷ কথা কওঁতে সাৱধান হওক নহ’লে কথাই আপোনজনক আঘাত দিব ৷ অদৰকাৰি বস্তু ক্ৰয় কৰি খৰচ নবঢ়াব ৷
বৃষ ৰাশি: ধনৰ আগমন হ’ব ৷ লক্ষ্মীদেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ টকাৰ লেনদেন আৰু ধন আগমনৰ বাট মুকলি হ’ব ৷ মন ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷
মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক, সুখ অনুভৱ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ চকুৰ অসুখত ভূগিব পাৰে ৷ আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি হ’ব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ গাড়ী সাৱধানে চলাব ৷
কৰ্কট ৰাশি: কৰ্মদক্ষতাই ভাল ফল ভোগ কৰাত সহায় কৰিব ৷ বন্ধুৰ লগত দিনটো সুন্দৰভাৱে উপভোগ কৰিব ৷ হঠাৎ ধনাগমনৰ বাট মুকলি হ’ব ৷ দিঘলীয়া ভ্ৰমণত যাব পাৰে ৷ সফল হ’ব ৷
সিংহ ৰাশি: কৰ্মদক্ষতাই কামত সফল হোৱাত সহায় কৰিব ৷ প্ৰসংশা লাভ কৰিব ৷ পিতৃৰ লগত সম্পৰ্কৰ উন্নতি হ’ব ৷ সম্পত্তি কিনাৰ বাবে সুন্দৰ সময় ৷ শুভ দিন ৷ ভ্ৰমণত শুভ ৷
কন্যা ৰাশি: বেমাৰীভাৱে সমগ্ৰ দিনটো দুৰ্বল কৰি তুলিব ৷ সন্তানৰ শৰীৰৰ চিন্তাই মনটো অশান্ত কৰি ৰাখিব ৷ উদ্দিগ্নতা বৃদ্ধি হ’ব ৷ কাৰ্যক্ষমতা হ্ৰাস পাব ৷