মেষ ৰাশি: দিনটো শুভ আৰু ঘটনাবহুল ৷ মানসিক অস্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মনস্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷
বৃষ ৰাশি:দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত হাতৰ পৰা সুযোগ গুচি যাব পাৰে ৷ ভ্ৰমণ নকৰিব ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷
মিথুন ৰাশি: আৰ্থিক লাভ পাৰে ৷ সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ উপহাৰ পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷
কৰ্কট ৰাশি:বিভ্ৰান্ত হৈ থাকিব আৰু মনত খেলিমেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক ৷ স্বাস্থ্যৰ যতন ৰাখক ৷
সিংহ ৰাশি:লাভৰ যোগ আছে ৷ সকলোৱে আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ মনটো স্থিৰ কৰিব নোৱাৰা বাবে সুযোগ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷ দিনটোৰ সৰহ ভাগ সময় চিন্তাত মগ্ন হৈ থাকিব ৷
কন্যা ৰাশি: দিনটো অনুকূল আৰু সদয় ৷ কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব ৷ পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব ৷