অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

By

Published : Oct 17, 2021, 12:01 AM IST

Updated : Oct 17, 2021, 6:13 AM IST

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি :দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ বহু ব্যক্তিৰ পৰা বিভিন্ন পৰামৰ্শ পাব পাৰে ৷ কোনো সিদ্ধান্ত লোৱাত সমস্যা হ’ব পাৰে ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

বৃষ ৰাশি : আবেগক নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ জীৱনত পৰিব ৷ শান্ত হৈ সকলো কাম সম্পাদন কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷

মিথুন ৰাশি : শান্ত বা মধুৰ বাক্যই শ্ৰোতাক উৎসাহিত কৰিব পাৰে ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ যতন লওক ৷ প্ৰশংসা লাভ ৷ দিনটোৰ শেষলৈ কৰ্ম জীৱন উন্নত ৷ ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি :দিনটো প্ৰায় শুভ ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায় আৰম্ভ ৷ ব্যৱসায়ত সফল ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব পাৰে ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ পৰাপক্ষত দিনটো জিৰণি লওক ৷

কন্যা ৰাশি :প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ নিজৰ ওপৰত ভৰসা ৰাখক ৷ মন আজি প্ৰফুল্লিত হৈ থাকিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ অনুভৱ কৰিব ৷

তুলা ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বহু আপোন ব্যক্তিয়ে আঘাত কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ জীৱন ভাল বন্ধু লাভ ৷ সঠিক পথত চলক ৷ অহং ভাৱ পৰিহাৰ কৰক ৷

বৃশ্চিক ৰাশি : কর্ম ব্যস্ততা বৃদ্ধি ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ কৰ্ম জীৱন আনন্দময় হ’ব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায় কৰিলে সফল হʼব ৷

ধনু ৰাশি :ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

মকৰ ৰাশি : শ্বেয়াৰ বজাৰত ব্যৱহাৰ কৰা ধনৰ পৰা লাভৱান হ’ব ৷ আৰ্থিক দিশত শুভ ৷ অৱশ্যে ঘৰুৱা দিশত প্ৰিয়জনৰ পৰা আঘাত পাব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে বৰ ভাল সময় নহয় ৷ স্বাস্থ্য অনুন্নত ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ যিকোনো সিদ্ধান্ত লওতে খেলিমেলি হʼব পাৰে ৷ আযথা চিন্তাৰ পৰা আঁতৰি থাকক ৷

মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ ইয়াৰ প্ৰভাৱত কৰ্মত পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

Last Updated : Oct 17, 2021, 6:13 AM IST

ABOUT THE AUTHOR

...view details