মেষ ৰাশি:মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ নতুন কাম হাতত ল’ব পাৰে ৷ শুভ দিন ৷ খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব ৷ কথা কওঁতে সাৱধান ৷ ভ্ৰমণত শুভ ৷
বৃষ ৰাশি:বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ দিনটো অনুকূল নহয় ৷ সিদ্ধান্ত গ্ৰহণ কৰোতে অসুবিধা হ’ব ৷ সুযোগ হেৰুৱাব ৷ নিজৰ কামত মনোযোগ দিয়ক আৰু চিন্তাধাৰা স্পষ্ট ৰাখক ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক ৷
মিথুন ৰাশি: প্ৰিয়জন তথা বন্ধুৰ সৈতে হাঁহি-ফুৰ্তিৰে দিনটো কটাব পাৰে ৷ ভ্ৰমণত শুভ ৷ আৰ্থিক দিশত লাভৱান হ’ব ৷ ব্যয়ক নিয়ন্ত্ৰণত ৰাখক আৰু ভাবি চিন্তি খৰচ কৰক ৷ নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক ৷
কৰ্কট ৰাশি: দিনটো উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব ৷ হতাশাগ্ৰস্ত হৈ থাকিব ৷ তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক ৷ ভাবি চিন্তি খোৱা-লোৱা কৰক ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ পৰিস্থিতি অনুকূলত থাকিব ৷ সজাগ হৈ থাকিব ৷ নতুন প্ৰকল্প বা কাম আৰম্ভ নকৰিব ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক ৷ নতুন প্ৰকল্প হাতত ল’ব পাৰে ৷ পদোন্নতি লাভৰ আশা কৰিব পাৰি ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা পাব পাৰে ৷ ব্যক্তিগত ক্ষেত্ৰতো দিনটো মখমলৰ দলিচাত খোজ দিয়াৰ দৰে নিমজকৈ আগুৱাই যাব ৷