মেষ ৰাশি:পৰিয়ালৰ সদস্যসকলৰ প্ৰাপ্যখিনিৰ ওপৰত চকু দিয়াই আপোনাৰ আজিৰ প্ৰধান কাম ৷ আপুনি ঘৰৰ সৌন্দৰ্য বঢ়াবলৈ চিন্তা কৰিব ৷ ঘৰৰ লগত সময় কটোৱাৰ বাবে ঘৰুৱা সৰু সুৰা সমস্যা সমাধান কৰাত সক্ষম হ’ব আৰু আপুনি সন্তুষ্টি লাভ কৰিব ৷ আপোনাৰ সামৰ্থ সকলোৰে চকুত পৰিব ৷
বৃষ ৰাশি: দিনটো মিশ্ৰিত ফলদায়ক হ’ব ৷ বিদেশত থকা সম্বন্ধীয়ৰ পৰা ভাল খবৰ লাভ কৰিব ৷ আপোনালোকৰ যিসকলে বিদেশ যাবলৈ বিচাৰি আছে তেওঁলোকৰ বাবে এয়া উচিত সময় ৷ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰক, দূৰ ভ্ৰমণত যাব পাৰিব ৷ সেই ঠাইবোৰৰ কিছুমান ধৰ্মীয়ও হ’ব পাৰে ৷ চাকৰিয়ালসকলে নিজকে চাপত থকা যেন অনুভব কৰিব ৷
মিথুন ৰাশি: মনত বাস লোৱা বেয়া ভাববোৰ আঁতৰাই পেলাওক, কাৰণ যদি সেই কাম নকৰে আপুনি অতি বেছি বিপদত পৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে যদি অলপ দিন ৰৈ দিয়ক ৷ খং নকৰিব, কাৰণ আপোনাৰ আশে পাশে থকা আপোন মানুহবোৰক এই খঙে আপোনাৰ পৰা দূৰ হ’বলৈ বাধ্য কৰাব ৷ খৰচৰ মাত্ৰা কমাওক অন্যথা আপোনাৰ জেপ খালি হ’ব ৷ ধ্যান আৰু যোগ অভ্যাসে আপোনাৰ মনক শান্ত ৰখাত সহায় কৰিব ৷
কৰ্কট ৰাশি: আপোনাৰ বাবে এটা সুন্দৰ দিন ৷ শাৰিৰিকভাবে নিজকে সুস্থ অনুভৱ কৰিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সফল নহ’ব ৷ আপুনি সামাজিক কামত বেছি মন দিব ৷
সিংহ ৰাশি:এটা গতানুগতিক দিন ৷ পৰিয়ালৰ লগত কাজিয়া হোৱাৰ আগতেই খং ত্যাগ কৰক ৷ আপোনাৰ কাৰ্যালয়ত আপুনি অসহজ অনুভব কৰিব ৷ অতিশয় কষ্ট কৰিও আপুনি কামৰ ফল ভোগ কৰাত ব্যৰ্থ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ ওপৰত চকু ৰখা অতি প্ৰয়োজন ৷
কন্যা ৰাশি:আলোচনাৰ পৰা পৰাপক্ষত আঁতৰি থাকক, কাৰণ আপোনাৰ অলপ টান কথাই সমগ্ৰ পৰিৱেশ নষ্ট কৰিব ৷ হঠাৎ খৰচ বৃদ্ধি হ’ব ৷ বন্ধু আৰু প্ৰিয়গৰাকীৰ লগত কথা পাতক আৰু তেওঁলোকৰ লগত বাহিৰত ফুৰিবলৈ যাওক ৷ ভাল খাদ্য গ্ৰহণ কৰক নহ’লে পেটৰ বিষত ভুগিব পাৰে ৷ জমা কৰোতে সাৱধান হওক ৷
তুলা ৰাশি: গ্ৰহৰ দশা ভাল ৷ কিন্তু সহজ নহ’ব ৷ অতি বেছি সংবেদনশীল হোৱাৰ বাবে আপোনাৰ খং উঠা স্বাভাবিক, আপোনাৰ মতামত বিশ্বাসযোগ্যতাৰ অভাব হ’ব ৷ আপোনাৰ সন্মান হানি হ’ব পাৰে, শেষত প্ৰিয়গৰাকীৰ লগত তৰ্ক হ’ব ৷ মাতৃৰ কিবা বিষয়ে আপোনাক চিন্তিত কৰি তুলিব ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰক ৷
বৃশ্চিক ৰাশি: গ্ৰহৰ প্ৰভাৱত সকলো শুভ দেখা যায় ৷ নতুন কাম আৰম্ভ কৰা বা পুৰণি কামত নতুনত্ব প্ৰদান কৰাৰ উপযুক্ত সময় ৷ আপুনি সমগ্ৰ দিন সতেজ অনুভব কৰিব আৰু আপোনাৰ ভাল ব্যৱহাৰে আপোনাৰ সম্বন্ধবোৰক ওচৰ চপাই আনিব ৷ আপোনাৰ ভাতৃ ভগ্নীৰ লগত কৰা পৰিয়াল বিষয়ৰ আলোচনাবোৰ ফলপ্ৰসু হ’ব ৷ ধনৰ আগমন হ’ব ৷ বন্ধুৰ লগত হোৱা সৰু ভ্ৰমণে আপোনাক আনন্দিত কৰি তুলিব ৷ কামৰ ক্ষেত্ৰত আকস্মিকভাৱে জয়ী হ’ব ৷
ধনু ৰাশি: দিনটো মিশ্ৰিত ফলদায়ক ৷ আপুনি ভিতৰি খোকোজাত ৰ’ব আৰু যিয়ে আপোনাক উচিত সিদ্ধান্ত গ্ৰহণত বাধা দিব ৷ নিজকে মানসিকভাবে বিশৃংখল অনুভব কৰিব ৷ আপোনাৰ অনাহক ধনহানিৰ বাবে নিজকে দোষী অনুভব কৰিব, কিন্তু সময় লাহে লাহে সলনি হ’ব ৷ কামৰ বোজা বাঢ়িব ৷
মকৰ ৰাশি: শুভ দিন ৷ দিনটো আৰু বিশেষ বনাবলৈ প্ৰাৰ্থনাৰে আৰম্ভ কৰক ৷ সকলো বস্তু সঠিক ঠাইত আৰু সঠিক ধৰণে আছে ৷ আপোনাৰ প্ৰিয়গৰাকীৰ লগত আৰু সহকৰ্মীসকলৰ লগত সম্পৰ্ক ঠিক কৰক ৷ কাৰ্যক্ষেত্ৰত আপুনি নিজকে এজন সফল কৰ্মচাৰী হোৱাৰ পৰিচয় দিয়ক ৷ অতিমাত্ৰা বোজা লোৱাৰ পৰা আঁতৰত থাকক কাৰণ এনে বোজাই আপোনাৰ শৰীৰত প্ৰভাব পেলাব আৰু শৰীৰ অসুস্থ হ’ব ৷
কুম্ভ ৰাশি: স্বাস্থ্য ৰক্ষাৰ বাবে ভাল খাদ্য আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক ৷ ভালদৰে জিৰণি লওক ৷ আজি আপুনি শাৰীৰিকভাৱে আৰু মানসিক ভাবেও দুৰ্বল অনুভব কৰিব ৷ আইনি কামৰ পৰা আজি আঁতৰি থাকক, ধনৰ ক্ষেত্ৰত সাৱধান থাকক, আপোনাৰ খঙৰ ওপৰত আৰু কথাৰ ওপৰত কাবু ৰাখক ৷ আপোনাৰ অতি প্ৰিয়জনেও আজি আপোনাৰ বিপৰীতে যাব ! তেওঁৰ ওপৰত খং কৰাতকৈ তেওঁৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক ৷ তেতিয়া আপুনি আপোনাৰ ভুলটো ধৰিব পাৰিব ৷
মীন ৰাশি: আপোনাৰ নিজা গ্ৰহৰ প্ৰভাব আপোনাৰ ওপৰত ভাল ভাবে পৰা যেন লাগে ৷ আপোনাৰ বন্ধু আৰু প্ৰিয়গৰাকীৰ চকুৰ মণি হৈ পৰিব ৷ প্ৰিয়গৰাকীৰ লগত সম্পৰ্ক উন্নত হ’ব আৰু লাভজনক হ’ব কিন্তু আপুনি তেওলোকক সময় দিয়াত ব্যৰ্থ হ’ব ৷ আপোনাৰ প্ৰিয়গৰাকীৰ শুভেচ্ছা লাভ কৰিব ৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ’ব প্ৰিয়জনৰ লগত ৰোমান্টিক ভ্ৰমণত যাব পাৰে ৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব ৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব ৷