অসম

assam

ETV Bharat / bharat

Daily Horoscope For 16th December: আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)

Daily Horoscope For 16th December 2022
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Dec 16, 2022, 1:00 AM IST

মেষ ৰাশি: বিশদ কল্পনা, সৃজনমূলক অনুপ্ৰেৰণা আৰু উদ্ভাৱনীমূলক শিল্পৰে আজিৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থকিব । ধন লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব ৷

বৃষ ৰাশি: আজি আপুনি আপোনাৰ ক্ৰোধৰ নিয়ন্ত্ৰণ ৰাখক । শান্ত হৈ থাকক । ইয়াক সহজভাৱে লওক আৰু আপোনাৰ ক্লান্ত মন আৰু শৰীৰক আৰাম দিয়ক ।

মিথুন ৰাশি: দিনটো শুভ । শান্তহৈ থাকক আৰু মানসিক ভাৰসাম্যৰ বাবে ধ্যান সাধনা কৰক ।

ককৰ্ট ৰাশি: আত্মীয়ৰ সৈতে সময় কটাব পাৰিব । মধুৰ কথাৰে সকলো সমস্যাৰ অন্ত পেলাব পাৰিব । সন্ধিয়া এটা প্ৰমোদ ভ্ৰমণৰ সুযোগ লাভ কৰিব । সহকৰ্মীৰ নিকট অহাৰ সম্ভাৱনা আছে । উত্‍সাহিত আৰু আনন্দিত অনুভৱ কৰিব ।

সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ স্বামীৰ স্ত্ৰীৰ সৈতে বা স্ত্ৰীৰ স্বামীৰ সৈতে উত্তপ্ত কাজিয়া হ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷

কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি:দিনটো আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ গোটেই দিন প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷ দুশ্চিন্তা নকৰিব ৷

বৃশ্চিক ৰাশি:দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধু আৰু আত্মীয়সকলৰ পৰা উষ্ম আচৰণ নাপাব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী দেখিলেই খং উঠিব ৷ নিজৰ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: আনন্দৰে দিনটো পাৰ হ’ব ৷ ভাইভনীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: গোটেই দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থান ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । আপোনাৰ আগত কিছুমান প্ৰত্যাহ্বান দেখা দিব পাৰে । নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হওক । ঈশ্বৰৰ প্ৰতি সামান্য আস্থাই আপোনাৰ আজিৰ দিনটোক অসাধাৰণ কৰি তুলিব ।

ABOUT THE AUTHOR

...view details