অসম

assam

আজিৰ দিনটোৰ ৰাশিফল

By

Published : Aug 16, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

Daily Horoscope for 16th August
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: কোনো অসুবিধাৰ সন্মুখীন হ’ব ৷ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই বিষণ্ণ কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে । সাৱধানে থাকক ৷ আদান প্ৰদান সম্বন্ধীয় কোনো কামত অত্যন্ত সতৰ্ক থাকিব ৷ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অলপ কঠিন হ’ব ৷ মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ’ব ৷

বৃষ ৰাশি: দিনটো আনন্দৰে কটাব ৷ ধনদেৱীৰ কৃপালাভ কৰিব ৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷ নতুন মানুহৰ সৈতে চিনাকী আৰু বন্ধুত্বই ব্যৱসায় বা কৰ্মক্ষেত্ৰত লাভদায়ক হ’ব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটোত সকলো ক্ষেত্ৰতে আনন্দ লাভ কৰিব ৷

মিথুন ৰাশি: মানসিকভাৱে আৰামত থাকিব আৰু শাৰীৰিকভাৱে সুস্থ থাকিব ৷ কৰ্মক্ষেত্ৰত উদ্যম বৃদ্ধি পাব ৷ কোনো কামৰ বাবে প্ৰশংসিত হ’ব ৷ সামাজিক দিশত সন্মান বৃদ্ধি পাব ৷ ব্যক্তিগতভাৱে দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব ৷ পদোন্নতি লাভ ৷ সফল হ’ব ৷

কৰ্কট ৰাশি: ভাগ্য ভাল ৷ বিদেশৰপৰা ভাল খবৰ আহিব পাৰে ৷ সৰুসুৰা কোনো ভ্ৰমণ বা তীৰ্থযাত্ৰাত যাব পাৰে ৷ গোটেই দিন মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আনন্দেৰে কটাব ৷ কৰ্মক্ষেত্ৰত আৰ্থিক লাভ বৃদ্ধি ৷ বিদেশত বা তীৰ্থযাত্ৰাত যোৱাৰ পৰিকল্পনা বাস্তৱায়িত হ’ব পাৰে ৷

সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব৷ খৰচ বৃদ্ধি ৷ কিছুমান নেতিবাচক চিন্তাই আমনি দি থাকিব ৷ এইবোৰৰ পৰা দূৰত থাকক ৷ ধ্যান কৰক, আধ্যাত্মিক চিন্তা কৰক ৷ মানসিক শান্তি লাভ কৰিব ৷

কন্যা ৰাশি: শুভ দিন ৷ নাম আৰু যশ অৰ্জন কৰিব ৷ ব্যৱসায়ীসকলৰ সৈতে অংশীদাৰসকলৰ ইতিবাচক মনোভাৱ অটুট থাকিব ৷ নতুন পোছাক ক্ৰয় কৰিব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ বন্ধুসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷

তুলা ৰাশি: শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভবান হ’ব ৷ দিনটো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ ব্যয় বৃদ্ধি ৷ সকলো কামতে সফল হ’ব, নাম আৰু যশ বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: কাৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷ সন্তানক লৈ দুশ্চিন্তাই আমনি দিব ৷ পঢ়ুৱৈসকলে সফলতা লাভ কৰিব ৷ পঢ়াশুনাৰ প্ৰতি উদ্যম বৃদ্ধি পাব ৷ ভ্ৰমণ এৰাই চলক ৷ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিবলৈ সময়টো ভাল ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷

ধনু ৰাশি:মানসিক অস্থিৰতাৰ কাৰণে মনটো অশান্ত হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকক ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ বদনাম হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যই দুশ্চিন্তাত পেলাব ৷ বুকুত বিষ অনুভৱ কৰিব পাৰে ৷

মকৰ ৰাশি: দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দৰে কটাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ কাৰণে দিনটো সুবিধাজনক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ নতুন কাম হাতত ল’ব পাৰে ৷

কুম্ভ ৰাশি:বিভিন্ন বিষয়ত ভালকৈ কোনো সিদ্ধান্ত ল‌’ব নোৱাৰিব ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে কাজিয়া লাগিব পাৰে ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব ৷ সফল হ’বলৈ হ’লে সময় লাগিব ৷ ধৈৰ্য ধৰক ৷

মীন ৰাশি:দিনটো মানসিকভাৱে প্ৰফুল্ল হ’ব ৷ শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব ৷ নতুন কাম হাত ল’ব পাৰে ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ আৰ্থিক লাভ বৃদ্ধি ৷ তীৰ্থযাত্ৰাৰ নামত ব্যয় হ’ব ৷

ABOUT THE AUTHOR

...view details