মেঘ ৰাশি: শুভ দিন ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে দিনটো কটাব ৷ মাতৃৰ পৰা উপকাৰ পোৱাৰ সম্ভাৱনা আছে ৷ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷
বৃষ ৰাশি: সাৱধান হ’ব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ অধিক ব্যয় হ’ব ৷ সফল হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷
মিথুন ৰাশি: প্ৰচুৰ লাভৰ যোগ আছে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ আদৰ্শ জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুসকলৰ সৈতে দিনটো আনন্দৰে যাব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷
কৰ্কট ৰাশি: দিনটো অনুকূল হ’ব ৷ সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ কামত সফল হ’ব ৷ পদোন্নতিক যোগ আছে ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ গৃহসজ্জাৰ কামকাজ কৰিব পাৰিব ৷ অফিচৰ কামত ভ্ৰমণলৈ যাব পাৰে ৷ মাতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷
সিংহ ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ লক্ষ্য স্থিৰ কৰিব ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷
কন্যা ৰাশি:নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷ জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱালোৱা এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত আলোচনা কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বেআইনী বা চৰকাৰ-বিৰোধী কামকাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদত জড়িত নহ’ব ৷