মেষ ৰাশি : দিনটো শুভ ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি :দিনটো শুভ ৷ বিশেষকৈ চাকৰিয়ালসকলৰ বাবে শুভ দিন৷ ভাগ্য ভাল ৷ সাংসাৰিক জীৱন ভাল হ’ব ৷
মিথুন ৰাশি :এলাহ ভাৱ পৰিহাৰ কৰক ৷ দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ অপ্ৰয়োজনীয় মানসিক চিন্তা-চৰ্চা পৰিহাৰ কৰক ৷ পৰিয়ালৰ সদস্যৰ সৈতে সংঘাত এৰাই চলক ৷ নতুন কোনো কামে হাতত নল’ব ৷ কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰক ৷
সিংহ ৰাশি :স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ দাম্পত্য জীৱন কিছু কঠিন হ’ব ৷ স্বাস্থ্যৰ যতন লওক ৷ ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰ সকলৰ সৈতে সতৰ্ক হৈ থাকক ৷
কন্যা ৰাশি :বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো শুভ ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ সাংসাৰিক জীৱন আনন্দ হ’ব ৷ স্বাস্থ্যৰ যতন লওক ৷