অসম

assam

Daily Horoscope For 12th January: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Jan 12, 2023, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 12TH JANUARY 2023
আজিৰ দিনটোৰ ৰাশিফল

মেষৰাশি: প্ৰচণ্ড আৱেগ প্ৰৱণ, খৰখেদা... চিনি পাইছে নে মানুহজনক? হয়, এয়া আপুনিয়ে । বিশেষকৈ আপুনি এই মুহূৰ্তত এনেকুৱাই হৈ আছে । আপোনাৰ মাজত যি বিদ্ৰোহী সত্তা আছে সেইটোক নিয়ন্ত্ৰণ কৰি ৰাখক । ধৈৰ্য ধৰি থাকক, ততাতৈয়াকৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব বা কোনো সিদ্ধান্ত নল’ব । আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে । কাংখিত ফল পোৱাৰ বাবে অশেষ সংগ্ৰাম কৰি যাব লাগিব, অৱশ্যে যি কোনো ধৰণৰ আমোলাতান্ত্ৰিক কাম আপোনাৰ উপকাৰত আহিব । ধৈৰ্য ধৰক বন্ধু । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় । অফিচত আপোনাৰ বাবে অজস্ৰ কামে অপেক্ষা কৰি আছে, ইয়াৰ বাবে আপোনাক অধিক সময় ব্যয় কৰিব লাগিব আৰু অধিক প্ৰয়াস পাব লাগিব । যাৰ বাবে অন্যান্য কামৰ বাবে পৰিকল্পনাসমূহ বাতিল কৰিব লাগিব । সামান্য পেটৰ গণ্ডগোলে আপোনাক আমনি দিব পাৰে । সাৱধানে থাকিব !

বৃষৰাশি:যোৱা কালি আপোনাৰ গ্ৰহৰ অৱস্থান অত্যন্ত ভাল আছিলে বাবে আজি আপোনাৰ আত্মবিশ্বাস অটুট থাকিব ৷ ক’বলৈ গ’লে আৰু অধিক বাঢ়িব । সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰে সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত নতুন উচ্চতা লাভ কৰিব পাৰিব । সকলো ক্ষেত্ৰত সফলতা নিশ্চিত । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে আৰু আপুনি নিজেই যদি মাতৃ বা পিতৃ হয় তেতিয়া হ’লে নিজৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে বুদ্ধি বিবেচনাৰে বিনিয়োগ কৰিব । আৰ্থিক লাভৰ যোগ আছে আৰু যদি বিশেষকৈ আপুনি ৰাজহুৱা খণ্ডৰ লগত যুক্ত কোনো কাম কৰে তেতিয়া হ’লে এই লাভ হ’বই । যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ সময়টো বৰ ভাল । এই সু সময়টোক উপভোগ কৰি যাওঁক !

মিথুনৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে যি কোনো নতুন চুক্তি কৰিব পাৰে । নিজৰ ব্যৱসায়িক বা কামৰ প্ৰতিবেদন দাঙি ধৰাৰ বাবে আগুৱাই যাওঁক, কাম আপোনাৰ হাততেই আহিব । ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । কিন্তু সতৰ্ক হৈ থাকিবলৈ নাপাহৰিব আৰু এই লাভবোৰ হাতৰ পৰা যাবলৈ নিদিব । ভাইভনী বা চুবুৰীয়াৰ ৰুক্ষ আচৰণত আপুনি মনত দুখ পাব পাৰে । সম্ভৱ হ’লে সংঘাত এৰাই চলক । কিছু মানুহ বা বিষয় সম্বন্ধে আপুনি নিজৰ মত সলনি কৰিবলৈ বাধ্য হ’ব । সন্দেহজনক আৰ্থিক প্ৰকল্পৰ পৰা দূৰত থাকক ৷ আৰ্থিক বিষয়ত সতৰ্ক থাকক ।

ককৰ্ট ৰাশি: নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷ সন্দেহজনক ভাৱ মনৰ পৰা আঁতৰ কৰক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে আৰু নিজৰ খোলাত সোমাই থাকে । এনেকুৱা কৰাটো ভাল নহয়৷ এয়া আপোনাৰ বহুত ক্ষতি কৰি দিয়ে বিশেষকৈ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে । আপুনি যদি প্ৰিয়জনৰ কোনো কথাত মনত দুখ পাইছে বা আপোনাৰ বেয়া লাগিছে তেতিয়া হ’লে সেইবোৰৰ কথা মনৰ ভিতৰতে নাৰাখি খোলাখুলিকৈ কৈ দিয়ক আৰু তেওঁলোকৰ সৈতে বিবাদৰ নিষ্পত্তি কৰক । পৰপিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত ঘৰৰ পৰিৱেশ উদ্বেগজনক হৈ থাকিব । সকলো কথা স্পষ্টকৈ কৈ নিজৰ অৱস্থান স্পষ্ট কৰি দিয়ক । পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা বা পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা পঢ়ুৱৈসকলৰ বাবে সময়টো ভাল নহয় । কিন্তু দুখ কৰাৰ কোনো কাৰণ নাই ! কুটিল আৰু জঘন্য চিন্তা মনৰ পৰা আঁতৰাওঁক ।

সিংহৰাশি: বীৰ ‘সিংহসকলে’ আজি নিজৰ প্ৰকৃত ৰূপ দেখুৱাই দিব । আজি আপুনি সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । লগতে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আজি চৰম পৰ্যায়ত থাকিব সেয়েহে অতি সহজতে ততাতৈয়াকৈ যি কোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব । আজিৰ আপুনি পিতৃৰ দ্বাৰা আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । এই উপকাৰ সমাজত আপোনাৰ সন্মান বৃদ্ধিৰ ৰূপত আহিব পাৰে । কিন্তু আত্মবিশ্বাস যদি গুণ হয় তেতিয়া হ’লে অহংকাৰৰ হ’ল দোষ । সেয়ে এই অহংকাৰৰ পৰা দূৰত থাকক । নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু মুখত লেকাম টানি ৰাখক । নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ।

কন্যাৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব ৷ নিজৰ আত্মবিশ্বাস সকলোৰে সন্মুখত প্ৰকাশ কৰাৰ এনেকুৱা সময় আৰু নাপাব৷ কিন্তু সাৱধান! এই মানসিকতা আপোনাৰ মূৰ যেন ঘূৰাই নিদিয়ে । আত্মসন্তুষ্টিৰ ভাৱ মনৰ পৰা আঁতৰাওঁক আৰু অহংকাৰৰ পৰা দূৰত থাকক । এইবোৰ যদি কৰিব নোৱাৰে, তেতিয়া হ’লে আপোনাৰ দৰেই আন কোনোবা অহংকাৰী আৰু আত্মসন্তুষ্টিত ভোগা মানুহৰ সৈতে মুখামুখি সংঘাত হ’ব পাৰে । যাৰ ফলত আপোনাৰ মানসিক অস্থিৰতা বৃদ্ধি পাব আৰু ক্ষতিকৰ প্ৰভাৱ পৰিব আপোনাৰ স্বাস্থ্যৰ ওপৰত । আপুনি খৰখেদাকৈ সকলো কাম কৰিব হয়তো, যাৰ ফলত প্ৰয়োজনৰ তুলনাত অধিক কথা ক’ব । যি আপোনাৰ পুৰণি বন্ধুত্বৰ উপৰত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ ফলত আপুনি পিছত নিজকে দোষী বুলি ভাবি থাকিব । গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখক ! প্ৰাৰ্থনা কৰক ।

তুলাৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । আপুনি যিয়ে কৰিব তাতেই আপোনাৰ ভাগ্য প্ৰসন্ন থাকিব আৰু আপুনি জীৱনৰ যি কোনো ক্ষেত্ৰতেই ভাগ্যশালী হ’ব । আপুনি আজি বন্ধুসকলক লগ পাব পাৰে আৰু তেওঁলোকৰ সৈতে কোনো সৰুসুৰা ভ্ৰমণত যাবলৈ পৰিকল্পনা কৰিব পাৰে । আপোনাৰ নিজৰ ঘৰতে বা বন্ধুৰ ঘৰতে নৈশভোজৰ আয়োজন হ’ব পাৰে বা অনানুষ্ঠানিকভাৱে মিলামিচা হ’ব পাৰে । যিয়ে হওক, উপভোগ কৰক ! এইবোৰ আনন্দপূৰ্ণ অনুষ্ঠানত বান্ধৱীসকলকো লগ পাব পাৰে, তেওঁলোকৰ উপস্থিতি আপোনাৰ বাবে লাভদায়ক হ’ব । ব্যৱসায়ৰ সৈতে আনন্দ-ফূৰ্তিক মিহলাই দিয়াৰ কাৰণে দিনটো ভাল । ব্যৱসায়ীসকলৰ প্ৰভূত লাভ হ’ব । কামিনী-কাঞ্চন লাভৰ ক্ষেত্ৰত গ্ৰহ অনুকূলত আছে । আপোনাৰ সৈতে আপোনাৰ সংগিনীৰ সম্পৰ্ক এক শিহৰণ জগাই দিব ।

বৃশ্চিকৰাশি: আজিৰ দিনটো কালিৰ দৰেই থাকিব । তথাপি আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল । আপোনাৰ উদ্যোগ আৰু চিন্তাধাৰাৰ প্ৰতি সহকৰ্মীসকলৰ সহযোগিতা পাব আৰু ঊৰ্ধ্বতনসকলৰ পৰাও সমৰ্থন পাব । আপুনি দেওবাৰৰ দিনাও কাম কৰিবলগীয়া হ’লে দিনটো আনন্দেৰে কাটিব । আপোনাৰ দায়িত্বত থকা সকলো কাম সময়ত শেষ কৰি উঠিব পাৰিব বাবে সন্ধিয়া ক’ৰবাত ফুৰিবলৈ যাব পাৰে । আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব আৰু সন্মান বৃদ্ধি উপভোগ কৰিব । সন্তানৰ সফলতাৰ কথা বা সিহঁতৰ পৰা সুসংবাদ পোৱাৰ পিছত আপোনাৰ আনন্দত চকুৰ পানী ওলাই আহিব বা জীয়াই থকাৰ প্ৰেৰণা পাই আপোনাৰ অন্তৰ পৰিপূৰ্ণ হৈ উঠিব ।

ধনুৰাশি: নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি ভালকৈ চকু দিয়াটো এতিয়া বৰকৈ গুৰুত্বপূৰ্ণ । আপোনাৰ শৰীৰেই হয়তো এই সংকেত দিব যে আপুনি ইয়াৰ যত্ন লোৱা উচিত বা আপুনি বিশ্ৰাম লোৱা উচিত । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে সেইবোৰক আওকাণ নকৰিব । তাতকৈ আপুনি এনেকুৱা ব্যৱস্থা লওঁক যাতে ভালকৈ বিশ্ৰাম ল’ব পাৰে ৷ ইয়াত শৰীৰৰ লগতে মনৰো বিশ্ৰামৰ কথা কোৱা হৈছে । শৰীৰৰ কষ্ট হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব । পাৰিলে দেওবাৰে যাবলগীয়া প্ৰমোদ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । নেতিবাচক প্ৰভাৱ পেলাব পৰা মানুহৰ সৈতে কাজিয়া নকৰিব । দেওবাৰে ঘৰতে বহি জীৱিকাৰ কাম মুঠেও নকৰিব । আপুনি কি ধৰণৰ আৰু কি পৰিমাণ খাদ্য খাই আছে সেই দিশত চকু দিয়ক । মেল পাতক কিন্তু গধুৰ আলোচনা নোসোমাব । আৰাম কৰক !

মকৰৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । আজি আপুনি সাপ্তাহিক গেলামাল বজাৰ কৰিবলৈ যাব আৰু তাত আপোনাৰ চকুত শক্তিবৰ্ধক আৰু পুষ্টিকৰ যি খাদ্যবস্তু পৰিব তাকেই কিনি ল’ব। আপুনি হয়তো দেওবৰীয়া প্ৰমোদ ভ্ৰমণত ওলাব বা হয়তো পৰিকল্পনা বহিৰ্ভূত ব্যয় কৰি দিব পাৰে । যিয়ে হওক আপুনি যদি অতিৰিক্ত ব্যয় কৰিব নিবিচাৰে তেতিয়া হ’লে সাৱধান হওঁক আৰু যি মন যায় তাকেই কিনি লোৱাৰ পৰা নিজক বিৰত ৰাখক । খোৱা লোৱা সাৱধানে কৰিব বিশেষকৈ বাহিৰত যদি খোৱালোৱা কৰে । আপুনি আজি ক্ৰোধ আৰু নেতিবাচক চিন্তাৰ বশৱৰ্তী হ’ব পাৰে । সাৱধানে থাকিব ! কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব তথাপিও ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে কোনো কাজিয়াত লিপ্ত নহ’ব নহ’লে অভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হ’ব পাৰে ।

কুম্ভৰাশি: আজি দিনটো আপোনাৰ বাবে উমাল আৰু স্বপ্নময় । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ! অন্তৰ আৰু আন্তৰিকতা সম্বন্ধীয় সকলো দিশ অসাধাৰণ হৈ উঠিব । এই পৰিস্থিতি কৰ্মক্ষেত্ৰতো দেখিবলৈ পোৱা যাব আৰু এয়া ব্যৱসায়িক অংশীদাৰিত্বকো সৌভাগ্যশালী কৰি তুলিব । এই সময়টোত আপুনি সঁচাকৈ আনন্দ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ ৰ’ব । যি আপোনাৰ সকলো কাম-কাজত প্ৰকাশ পাব । আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে যি বৰ সুখকৰভাৱে বাস্তৱায়িত হ’ব । আজি আপুনি ৰুচিশীল পোছাক পিন্ধি কোনো পাৰ্টিত যাব পাৰে য’ত সুগন্ধযুক্ত আৰু সোৱাদযুক্ত খাদ্য আপোনাৰ বাবে অপেক্ষা কৰি আছে । গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।

মীনৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী । আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্পক অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব । আজি আপোনাৰ কঠোৰ মনঃসংকল্প প্ৰত্যক্ষ কৰি আপোনাৰ ঘনিষ্ঠ বন্ধুসকলেও তবধ মানিব । আজি আপুনি ভিতৰৰ পৰা নিজক সুস্থ অনুভৱ কৰিব আৰু আজিৰ পৰা আপুনি নতুন উদ্যোগেৰে শৰীৰ চৰ্চাৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিব । ঘৰত শান্তি বৰ্তি থাকিব । কেৱল নিজৰ খং আৰু কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখি চলক । কোনো কথাৰ মাত হস্তক্ষেপ নকৰিব । মোমায়েকৰ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ।

ABOUT THE AUTHOR

...view details