মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক হ’ব ৷ অত্যধিক তজবজীয়া হৈ থাকিব ৷ উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব ৷ ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ মাতৃৰ ফালৰ পৰা সুসংবাদ পাব ৷
বৃষ ৰাশি: সাৱধান! দিনটো সতৰ্ক হৈ থাকিব ৷ দুশ্চিন্তাত ভুগিব পাৰে ৷ অসুস্থ হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সাৱধানে থাকিব, দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বা ক’ৰবাত উজুটি খাইও পৰিব পাৰে ৷
মিথুন ৰাশি: দিনটো শুভ ৷ অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব৷ আৰ্থিক লাভৰ কাৰণে দিনটো ভাল ৷ সন্তানৰ পৰা সুসংবাদ পাব ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব ৷
কৰ্কট ৰাশি: মন্দিৰ দৰ্শনলৈ যাব পাৰে ৷ মনোবল বৃদ্ধি পাব আৰু মনটো ভাল লাগিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে দিনটো কটাব ৷ সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ৷
সিংহ ৰাশি: সজাগ আৰু সতৰ্ক হৈ থাকিব ৷ অজস্ৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব ৷ পৰিয়ালৰ লোকৰ সৈতে ধৈৰ্য ধৰি কথা পাতক ৷ তেওঁলোকৰ সৈতে বুজাবুজিৰে চলক ৷ সন্দেহজনক আৰু অস্পষ্ট কামকাজত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷
কন্যা ৰাশি: সামাজিক স্বীকৃতি আৰু ৰাজহুৱা সন্মান বৃদ্ধি হ’ব ৷ নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ৷ অংশীদাৰ, সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’লেও তাৰ বাবে অধিক সময়লৈকে মন বেয়া হৈ নাথাকিব, দুয়োজনৰ মাজত ঘনিষ্ঠ আকৌ বৃদ্ধি পাব ৷