মেষ ৰাশি: ব্যয় বৃদ্ধি ৷ বিত্তীয় দিশটোক সাৱধানে আৰু ভাবি চিন্তি চম্ভালিব ৷ কাজিয়া বিবাদ হ’ব পাৰে ৷ সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সহজতে মিলিব নোৱাৰিব ৷ স্বাস্থ্যৰ সমস্যাক নুই কৰিব নোৱাৰি ৷ দিনটো হতাশজনক হৈ থাকিব ৷
বৃষ ৰাশি: দিনটো ঘটনাবহুল আৰু ফলদায়ক হ’ব ৷ অত্যধিক সৃজনশীল আৰু উদ্ভাৱনীমূলক হৈ থাকিব পাৰে ৷ মনটো সুদৃঢ় হৈ থাকিব আৰু স্পষ্ট চিন্তা বিৰাজ কৰিব ৷ নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব ৷ আৰ্থিক বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷
মিথুন ৰাশি: দিনটো কঠিন, গতিকে সাৱধান ৷ প্ৰিয়জন বা পুত্ৰৰ সৈতে কাজিয়া হ’ব পাৰে ৷ বিৰক্ত হৈ থাকিব আৰু খং উঠি থাকিব ৷ চকু বা কাণৰ বিষ হ’ব পাৰে ৷
কৰ্কট ৰাশি: দিনটো সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব ৷ আয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত উন্নতি হ’ব পাৰে ৷ দুশ্চিন্তা আৰু উদ্বেগ পৰা দূৰত থাকিব ৷
সিংহ ৰাশি:ব্যৱসায়াৰ দিশত দিনটো অসাধাৰণ ৷ ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা অনুকূল সহযোগিতা লাভ কৰিব ৷ মান-সন্মান বৃদ্ধিৰ যোগ আছে ৷ কাৰ্যালয়ৰ লেনদেনৰ সুফল পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: দিনটো শুভ ৷ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব ৷ দূৰৰ দেশৰ পৰা সুসংবাদ পাব পাৰে ৷ আৰ্থিক লাভ নিশ্চিত ৷