অসম

assam

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

By

Published : Nov 11, 2021, 12:11 AM IST

Published : Nov 11, 2021, 12:11 AM IST

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি :দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে ৷ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে ৷ অন্য নাৰীৰ পৰা প্ৰশংসা লাভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ লক্ষ্যত প্ৰায় সফল ৷

বৃষ ৰাশি : বিদেশৰ পৰা কৰ্ম সম্বন্ধীয় ইতিবাচক খবৰ পাব ৷ বিদেশত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে এই সময়টো অনুকূল ৷ তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ বাবে ভ্ৰমণৰ যোগ আছে ৷ আনন্দ মনেৰে কৰ্ম কৰিব ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷

মিথুন ৰাশি : মনৰ পৰা বেয়া ভাববোৰ আঁতৰাই পেলাওক ৷ নহ’লে বিপদত পৰিব পাৰে ৷ নতুন কাম আৰম্ভ নকৰিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি :দিনটো মধ্যমীয়া ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ সন্ধিয়া নিজৰ প্ৰেমৰ সৈতে সময় কটাব ৷

সিংহ ৰাশি : কর্মত মুক্তি অনুভৱ কৰিব ৷ যুৱক-যুৱতীসকলৰ বাবে ভাল দিন হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ দিনটো প্ৰায় আনন্দময় হʼব ৷ বজাৰলৈ যাব পাৰে ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিয়ক ৷

কন্যা ৰাশি :আইন সংক্ৰান্তিয় কাগজত চহী কৰাৰ আগতে ভালদৰে চাই লোৱা উচিত ৷ দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷

তুলা ৰাশি : দিনটো শুভ ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আনন্দিত কৰি তুলিব ৷ সহোদৰৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ শত্ৰু বৃদ্ধি ৷ শিক্ষাৰ্থীসকলৰ বাবেও দিনটো কিছু কঠিন হ’ব ৷

ধনু ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষিব ৷ কামৰ ফল ভোগ কৰিব ৷ সামাজিক কামত কৃতকাৰ্যতা লাভ হ’ব ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ আছে ৷

মকৰ ৰাশি :দিনটো প্ৰায় শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আসক্ত হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷

কুম্ভ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ খৰচ বৃদ্ধি ৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা অলপ দিন আঁতৰত থাকক ৷ শৰীৰৰ যত্ন লওক ৷

মীন ৰাশি :দিনটো মধ্যমীয়া ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সৰু ভ্ৰমণৰ যোগ ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব পাৰে ৷

ABOUT THE AUTHOR

...view details