মেষৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ৰসহীন আৰু আকৰ্ষণহীন হৈ থাকিব । সৰুসুৰা অসুস্থতাই আপোনাক আমনি দি থাকিব ৷ যাৰ ফলত আপুনি এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব । অধিক শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপুনি ইতিমধ্যেই এয়া অধিক পৰিমাণে কৰিয়ে আছে । তাতকৈ বিশ্ৰাম লোৱাটো, অৱসৰ যাপন কৰাটো অধিক গুৰুত্বপূৰ্ণ । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক, কাম শেষ কৰিবলৈ অ’ত ত’ত দৌৰি ফুৰাৰ সলনি আৰাম কৰক । কাম কেতিয়াও শেষ নহয় ৷ আপুনি এতিয়া বহুত চিন্তাত আছে আৰু দুশ্চিন্তায়েও আপোনাক আগুৰি ধৰি আছে, গতিকে কামৰ পৰা অলপ ছুটী লৈ লওঁক । বহুদিনৰে পৰা এই ছুটী লওঁ লওঁ কৰি আছে আপুনি । আপোনাৰ মন ভাল নাই কাৰণে ঘৰত প্ৰিয়জনৰ সৈতে মতবিৰোধৰ ফলত আপুনি বিৰক্ত হ’ব । এতিয়া আঁকোৰগোজ হৈ থকাৰ সময় নহয়, ঘৰৰ মানুহে আপুনি কোৱা কথাবোৰ বুজি নাপালে আপোনাৰ মনতহে তেওঁলোকে আঘাত দিব । আপুনি সন্তানৰ বা আপোনাৰ নিজৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থাকিব । সাৱধানে থাকিব ৷
বৃষৰাশি: আজিৰ দিনটো মধ্যমীয়া হ’ব । দিনটোৰ আটাইতকৈ ভাল কথা হ’ল, দিনটোক আপুনি নিজৰ ইচ্ছাত যিমান পাৰে ভাল কৰি তুলিব পাৰে । আপোনাৰ মানসিক স্থিৰতা আৰু প্ৰবল ইচ্ছাশক্তিৰ বলত দিনটো আৰু জটিল হৈ নাথাকে । আপুনি যিমান ভালকৈ কাম কৰিব, সিমানেই ভাল ফল পাব । দিশাহীনভাৱে অ’ত ত’ত ঘূৰি ফুৰাৰ সলনি কাম কৰি যাওঁক । যিমান পাৰে ভালকৈ কাম কৰক আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাওঁক । পিতৃৰ পৰা কোনো লাভ আৰু উপকাৰ পাব । পিতৃৰ সৈতে মনৰ কথা পাতি ভাল লাগিব আপোনাৰ । আপুনি নিজেই যদি পিতৃ, তেন্তে নিজৰ সন্তানৰ সৈতে গম্ভীৰ অথচ উদাৰভাৱে কথা পাতক । খেল আৰু খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল । আপুনি যদি খেলুৱৈ তেন্তে আপুনি নিজৰ খেল দেখুৱাই সকলোকে আচৰিত কৰি দিব ।
মিথুনৰাশি: খেলুৱৈৰ বাবে সামগ্ৰিকভাৱে আজিৰ দিনটো বৰ ভাল । বিনিয়োগ কৰিলে ভাবি চিন্তি কৰিব । বিপদৰ আশংকা থকা কোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক । হাতত ধন পৰ্যাপ্ত পৰিমাণে থাকিলেও এই সম্বন্ধীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি দূৰত থাকক । আজিৰ দিনটো ধীৰ-স্থিৰ আৰু ফলদায়কভাৱে পাৰ হ’ব । খৰধৰ কৰাৰ প্ৰয়োজন নাই, উত্তেজিত হোৱাৰ প্ৰয়োজন নাই । কেৱল পৰিয়াল, বন্ধু আৰু প্ৰিয়জনৰ সৈতে সহজ-সৰল, সাধাৰণভাৱে আনন্দ উপভোগ কৰক । আপুনি আজি প্ৰবল সক্ৰিয়তা আৰু উৎসাহ অনুভৱ কৰিব ৷ আপুনি নতুন কোনো কাম আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে । আগবাঢি় যাওঁক ৷ আপুনি নিজৰ নিয়তি নিজেই ৰচনা কৰিব, প্ৰতিপক্ষক পৰাস্ত কৰিব, আৰু নিজৰ ভাগ্যক উন্নত কৰি তুলিব ।
ককৰ্ট ৰাশি: কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে আপোনালোকৰ জীৱনত । আপোনাৰ চাৰিওফালে বিশেষ একো নঘটিলেও আপোনাৰ মনে বহুত কথা চিন্তা কৰি থাকিব । আপুনি সম্পূৰ্ণ প্ৰয়াসেৰে কাম কৰাৰ পিছতো তাৰ ফলক লৈ সন্তুষ্ট হ’ব নোৱাৰিব । যাৰ ফলত আপোনাৰ মন অস্থিৰ হৈ থাকিব আৰু দুশ্চিন্তায়ে আগুৰি ধৰিব । মানুহক সন্দেহ কৰাৰ মনোভাৱৰ পৰা বিৰত থাকক, তেতিয়া আপুনি আজি পাৰিবাৰিক বিবাদ এৰাই চলিব পাৰিব । স্বাস্থ্য আৰু ধন ৰক্ষা কৰক । বাওঁচকুত আমনিদায়ক বিষে আপোনাক কষ্ট দিব পাৰে । অনৈতিক কাৰ্যৰ পৰা দূৰত থাকক, নহ’লে পিছলৈ এই কামৰ বাবে আপোনাৰ অনুতাপ হ’ব পাৰে আৰু অপৰাধবোধত ভুগিব পাৰে । আপুনি যদি ইতিমধ্যেই অপৰাধবোধত ভুগি আছে, তেতিয়া হ’লে মন শান্ত কৰক আৰু বিশ্ৰাম লওঁক ।
সিংহৰাশি: আপোনাৰ নিজৰ সামৰ্থ্যত বিশ্বাস থাকিলে সকলো ঠিক হৈ যাব । আপুনি নিজৰ কাম-কাজক লৈ চৰম আত্মবিশ্বাসী হৈ থাকিলে আজি আপোনাৰ সকলো ঠিক হৈ যাব । আপুনি দৃঢ় সংকল্পৰ বলত আটাইতকৈ কঠিন কামো অতি সহজতে সম্পন্ন কৰিব পাৰিব । আপুনি চৰকাৰী বা আমোলাতান্ত্ৰিক কোনো কামৰ পৰা লাভবান হ’ব পাৰে । নিজৰ প্ৰতিবেদন উত্থাপন কৰিবলৈ, নিজৰ বস্তুৰ প্ৰচাৰ কৰিবলৈ বা নিবিদাত অংশগ্ৰহণ কৰিবলৈ আজিৰ দিনটো ভাল । আপোনাৰ সন্মান আৰু শক্তি বৃদ্ধি পাব । আপোনাৰ পৈতৃক ফালৰ পৰা লাভবান হ’ব । কিন্তু সাৱধান ৷ আঁকোৰগোজ নহ’ব আৰু অলপতে খং নকৰিব । স্বাস্থ্য আৰু পুষ্টিৰ যত্ন লওঁক ।
কন্যাৰাশি: আঁকোৰগোজ হোৱাটো ভাল নহয় আৰু অলপতে খং কৰাটোও ভাল নহয় । এইষাৰ কথা সকলোৰে বাবে প্ৰযোজ্য । গোটেই দিনটো আপুনি অসংখ্য প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত পৰিব, এইবোৰ সমস্যাত আপোনাৰ মন উচ্ছৃংখল হৈ থাকিব । আত্মবিশ্বাসী হৈ থকাটো আপোনাৰ বাবে ভাল, কিন্তু অহংকাৰী হ’লে বেয়া হ’ব । আনকি অহংকাৰ দেখুৱালে আপোনাৰ আটাইতকৈ মৰমৰ বন্ধুও আপোনাৰ পৰা দূৰত গুচি যাব । আইনী কাৰ্যকলাপ পিছুৱাই দিয়ক আৰু নিজকে ধীৰ-স্থিৰ আৰু শান্ত কৰি ৰাখিবলৈ প্ৰবল প্ৰয়াস কৰক । ব্যয় অধিক হ’লেও ধৰ্মীয় বা সামাজিক কাৰণত খৰচ কৰাৰ পৰা দূৰত নাথাকিব । এইবোৰ কামত খৰচ কৰিব পাৰিলে আপোনৰহে ভাল লাগিব । নিজৰ স্বাস্থ্যক লৈ সজাগ থাকক । কৰ্মক্ষেত্ৰত নিজৰ সহকৰ্মীসকলক ভালকৈ চম্ভালক ।