মেষ ৰাশি: কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, বিপদত পৰিব পাৰে ৷ কোনো আইনী কাৰ্যৰ পৰা আঁতৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওক ৷ একাগ্ৰতাৰ অভাৱ হ’ব পাৰে; কামত নিজৰ শ্ৰেষ্ঠতা প্ৰদান কৰিব নোৱাৰিব ৷ দুৰ্ঘটনা হ’ব পাৰে; সাৱধানতাৰে গাড়ী চলাওক ৷
বৃষ ৰাশি: পৰিয়াল বা সন্তানৰ ভাল খবৰে মনতো প্ৰফুল্লিত কৰি ৰাখিব ৷ শৈশৱৰ বন্ধুক লগ পাব পাৰে আৰু স্মৃতি ৰোমন্থন কৰিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এটা সফল দিন ৷ সঠিক স্থানত বিনিয়োগ কৰিব ৷ আইনী বিষয়ক লেনদেনত সতৰ্ক হওক ৷ ধৰ্মীয় কাৰ্যত ব্যয় কৰাৰ সম্ভাৱনা আছে ৷
মিথুন ৰাশি:জ্যেষ্ঠজনৰ পৰা আৰ্শীবাদ পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধিৰ লগতে পুৰণা পাবলগীয়া ধনো লাভ কৰিব ৷ পিতৃ আৰু পৰিয়ালৰ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনাওক ৷ বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত সামাজিক অনুষ্ঠান যেনে বিয়া বা জন্মদিনৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
কৰ্কট ৰাশি:দিনটোৰ প্ৰথমভাগ চাপৰ মাজেৰে পাৰ হ’ব ৷ কৰ্মস্থলীত অস্থায়ী বাধাৰ সন্মূখীন হ’ব, ইয়ে বিৰক্ত কৰিব পাৰে ৷ কোনো লোকৰ লগতেই দীঘলীয়া কথা বতৰাত লিপ্ত নহ’ব, বিশেষভাৱে কৰ্মস্থলীত জ্যেষ্ঠসকলৰ লগত ৷ অন্যথা পেচাদাৰী সম্পৰ্ক বেয়া হ’ব পাৰে ৷ দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব ৷ জ্যেষ্ঠ আৰু কনিষ্ঠসকল কামৰ বাবে সন্তুষ্ট আৰু সুখী হ’ব ৷ আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি যতন ল’ব ৷ কথা বতৰা কওতে ভালকৈ ক’ব ৷ পৰিয়ালকেন্দ্ৰিক বিবাদ হ’ব পাৰে ৷ পৰিস্থিতিটো শান্ত আৰু পৰিপক্কৰূপে পৰিচালনা কৰক ৷ অবৈধ আৰু অনৈতিক কাম কাজৰ পৰা বিৰত থাকক ৷ নেতিবাচক চিন্তাধাৰাই কঠিন দিনটো আৰু কঠিন কৰি তুলিব পাৰে ৷ নিজকে ধৰ্মীয় কাম কাজ, ধ্যান সাধনা আৰু ভগৱানৰ নাম লোৱাত ব্যস্ত ৰাখক ৷
কন্যা ৰাশি:পুৱাৰ ভাগত দিনটো উজ্জ্বল আৰু আনন্দময় হ’ব ৷ বন্ধবৰ্গৰ লগত আনন্দৰে সময় কটাব পাৰে ৷ ব্যৱসায়িক আংশীদাৰসকলৰ লগত সম্পৰ্ক ভাল হ’ব ৷ হঠাতে স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ৷