নেশ্যনেল ডেস্ক, ১৪ জুলাই :কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ । কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কেন্দ্ৰীয় চৰকাৰৰ ১.১৩ নিযুতৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰক সকাহ প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত । সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া ভাট্টা (DA) আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ (DR) ১১ শতাংশ বৃদ্ধি কৰাৰ হ'ব ।
কেবিনেট বৈঠকৰ পাছতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সাংবাদিকক কয় যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR তেওঁলোকৰ মৌলিক দৰমহা আৰু পেঞ্চনৰ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখতকৈও অধিক কৰ্মচাৰী আৰু ৬৫ লাখতকৈও অধিক কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰক লাভান্বিত কৰিব । তেওঁলোকৰ বাবে এইটো যথেষ্ট সকাহ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।