নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ লগে লগে দুৰ্ঘটনাত পতিত হোৱা বিলাসী বাহনখনৰ সুৰক্ষাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে বিলাসী বাহন মাৰ্চিডিজৰ সুৰক্ষাক লৈ প্ৰশ্ন তুলিছে । ইয়াৰ মাজতে মাৰ্চিডিজ বেঞ্জ কোম্পানীৰ এটা বিশেষজ্ঞ দল আহি উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ থানেত (Mercedes experts team reach Thane)।
দুৰ্ঘটনাত পতিতি মিস্ত্ৰীৰ বাহনখনৰ অনুসন্ধান আৰু পৰিদৰ্শনৰ বাবে হংকঙৰ পৰা আহিছে বিশেষজ্ঞৰ দলটো । থানেৰ মাৰ্চিডিজ শ্ব'ৰুমত বাহনখন পৰীক্ষা কৰি দলটোৱে মাৰ্চিডিজ বেঞ্জ কোম্পানীক এখন প্ৰতিবেদন দাখিল কৰিব (Mercedes experts from Hong kong)।
উল্লেখ্য যে ৪ ছেপ্টেম্বৰত মুম্বাইৰ সমীপত এক পথ দুৰ্ঘটনাত প্ৰখ্যাত উদ্যোগপতি আৰু টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ মিস্ত্ৰীৰ মৃত্যু হৈছিল (Cyrus Mistry death)। পালঘৰ আৰক্ষীয়ে জনোৱা মতে, মিস্ত্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা কৰি আছিল । তেওঁ গৈ থকা মাৰ্চিডিজ বাহনখনে ডিভাইডাৰত খুন্দা মাৰিছিল । গাড়ীখনত চাৰিজন লোক আছিল (Cyrus Mistry Mercedes car accident)। মিস্ত্ৰীকে ধৰি দুজনৰ ঘটনাস্থলীত মৃত্যু হয়, আনহাতে বাকী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।