নেশ্যনেল ডেস্ক,25 মে’:আসন্ন তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ সীমান্তত ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্যৰ ভিত্তিত ইতিমধ্যে জিলা দুখনৰ প্ৰশাসনে স্থানীয় লোকসকলক বাসগৃহৰ পৰা জগতসিংপুৰ জিলাৰ আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰিছে ।
ঘূৰ্ণীবতাহ য়াছে ২৬ মে'ৰ দুপৰীয়া বালাচোৰৰ ওচৰৰ পাৰাদ্বীপ আৰু সাগৰ দ্বীপৰ মাজেৰে অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই । ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে সোমবাৰে ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলত থকা লোকসকলক আশ্ৰয়গৃহলৈ যাবলৈ অনুৰোধ জনায় । মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো জীৱন ৰক্ষা কৰা প্ৰথম দায়িত্ব বুলি উল্লেখ কৰি ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলৰ সকলো লোকক আশ্ৰয় গৃহলৈ যাবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনায় ৷