নেশ্যনেল ডেস্ক,24 মে’: এক সূত্ৰত প্ৰকাশিত তথ্য় অনুসৰি, ভাৰতীয় বায়ুসেনাই ঘূৰ্ণীবতাহ য়াছৰ দুৰ্যোগৰ সময়ত সকলো প্ৰকাৰৰ সহায় আৰু সাহায্য অভিযান আগবঢ়াবলৈ ১১ খন বিমান আৰু ২৫ খন হেলিকপ্তাৰ সাজু ৰাখিছে ৷ বিষয়াসকলে পাঁচখন চি-১৩০ বিমান ব্যৱহাৰ কৰি পাটনা, বাৰাণসী আৰু আৰাক্কোনামৰ পৰা সাহায্য সামগ্ৰী, সঁজুলি আৰু কৰ্মচাৰীসকলক লৈ গৈছিল ৷
ভাৰতীয় বায়ুসেনাই দেওবাৰে বংগোপ সাগৰত চলি থকা ঘূৰ্ণী বতাহৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও ব্যৱস্থা আৰম্ভ কৰাৰ লগে লগে ২১ টন সাহায্য সামগ্ৰী আৰু ৩৩৪ গৰাকী এনডিআৰএফ কৰ্মীক তিনিটা পৃথক স্থানৰ পৰা কলকাতা আৰু প’ৰ্টব্লেয়াৰলৈ বিমানযোগে প্ৰেৰণ কৰে ৷
'এয়া সাম্ভাব্য ঘূৰ্ণী বতাহ য়াছৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু ২১ মে'ৰ পৰা এই অভিযান চলি আছে ৷ বৰ্তমানলৈকে ভাৰতীয় বায়ুসেনাই এই উদ্দেশ্যৰে 606 জন কৰ্মচাৰী আৰু 57 টন সামগ্ৰী বিমানযোগে প্ৰেৰণ কৰিছে,' বুলি এগৰাকী বিষয়াই সদৰী কৰে ৷
বিষয়াসকলে কয় যে, ভাৰতীয় বায়ুসেনাই তিনিখন চি-১৩০, চাৰিখন এএন-৩২ বিমান আৰু দুখন ডৰ্ণিয়াৰ বিমানকে ধৰি ১১ খন পৰিবহণ বিমান, এইচএডিআৰ (মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য) অভিযানৰ বাবে সাজু ৰাখিছে ৷ ইয়াৰ উপৰিও ১১ খন এম আই-১৭ ভি ৫, দুখন চেতক, তিনিখন চিতা আৰু সাতখন এম আই-১৭ হেলিকপ্তাৰকে ধৰি প্ৰায় ২৫ খন হেলিকপ্তাৰক যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি, ঘূৰ্ণী বতাহে ২৬ মে'ৰ সন্ধিয়াৰ ভিতৰত পশ্চিমবংগ আৰু উত্তৰ ওড়িশাৰ উপকূল অতিক্ৰম কৰিব ৷ ১৫৫-১৬৫ কিল’মিটাৰ প্ৰতি ঘণ্টাৰ পৰা ১৮৫ কিল’মিটাৰ প্ৰতি ঘণ্টালৈকে বতাহৰ গতিবেগ বৃদ্ধি পাব ৷ ভাৰতীয় নৌ সেনাই ঘূৰ্ণী বতাহৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চাৰিখন যুদ্ধ জাহাজ আৰু কেইবাখনো বিমান সাজু কৰি ৰাখিছে ৷
এই সপ্তাহৰ আৰম্ভণিতে ঘূৰ্ণী বতাহ টাউতেই দেশৰ পশ্চিম উপকূলত আঘাত কৰাৰ পিছত নৌসেনাই এক বৃহৎ সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছিল ৷ টাউতেৰ ফলত মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক আৰু গোৱাত বিস্তৰ ক্ষতিসাধন হৈছিল ৷ নৌসেনাই সদৰী কৰা মতে, ওড়িশা আৰু পশ্চিমবংগত সম্প্ৰতি আঠটাকৈ বান সাহায্য দল আৰু চাৰিটা ডুবাৰু দল য়াছৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে ৷
লগতে চাওকঃএকুৱা থেৰাপী : পূৰ্বে নজনা বহু কথা