অসম

assam

ETV Bharat / bharat

কি এই টাউতে ? ম্যানমাৰে কিয় দিলে এই নাম...

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে টাউতে ঘূৰ্ণী বতাহক অতি ভয়াৱহ বুলি অভিহিত কৰিছে ৷ টাউতে হৈছে এই বছৰৰ প্ৰথমটো ঘূৰ্ণী বতাহ ৷ টাউতে ঘূৰ্ণী বতাহক নামকৰণ কৰিছে ম্যানমাৰে ৷ বাৰ্মিজ ভাষাত ইয়াৰ অৰ্থ কেঁকো, এটা সৰীসৃপ ৷

By

Published : May 17, 2021, 7:43 PM IST

Updated : May 18, 2021, 8:49 AM IST

Cyclone Tauktae wreaked havoc across the coastal belt of Kerala, Karnataka, and Goa as it made its way to Gujarat on Sunday
ঘূৰ্ণী বতাহ টাউটৰ ধ্বংসলীলা অব্যাহত

নিউজ ডেস্ক,17 মে’: ইতিমধ্যে কেৰালা, কৰ্ণাটক আৰু গোৱাৰ উপকূলীয় অঞ্চলত ধ্বংসলীলা চলাই দেওবাৰে গুজৰাটৰ দিশে গতি কৰে টাউতে ৷ প্ৰচণ্ড ধুমুহাৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে তচনচ হৈছে বহু বাসগৃহ ৷ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে ঘূৰ্ণী বতাহত প্ৰভাৱিত শতাধিক লোকক ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে টাউতে ঘূৰ্ণী বতাহক অতি ভয়াৱহ বুলি অভিহিত কৰিছে ৷ পৰৱৰ্তী 24 ঘণ্টাত এই ঘূৰ্ণী বতাহৰ ফলত গুজৰাটৰ উপকূলীয় অঞ্চলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ৷ টাউতে হৈছে এই বছৰৰ প্ৰথমজাক ঘূৰ্ণী বতাহ ৷

ঘূৰ্ণী বতাহ কি ?

ঘূৰ্ণী বতাহক ইংৰাজীত কোৱা হয় চাইক্ল’ন ৷ গ্ৰীক ভাষাৰ চাইক্ল’চ শব্দৰ পৰা উৎপত্তি হৈছে চাইক্ল’ন শব্দৰ ৷ চাইক্ল’চ শব্দৰ অৰ্থ হ’ল কুণ্ডলী পকাই থকা সাপ ৷ ই একপ্ৰকাৰ নিম্ন চাপযুক্ত অঞ্চলত অন্তঃমুখী বলয়ৰে বলা বতাহ ৷ বায়ুমণ্ডলত প্ৰলয় সৃষ্টিকাৰী ঘূৰ্ণী বতাহৰ ফলত জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হোৱা দেখা যায় ৷

টাউতে ঘূৰ্ণী বতাহক নামকৰণ কৰিছে ম্যানমাৰে ৷ বাৰ্মিজ ভাষাত ইয়াৰ অৰ্থ কেঁকো, এটা সৰীসৃপ ৷

ঘূৰ্ণী বতাহ টাউতেৰ ধ্বংসলীলা অব্যাহত

কেনেকৈ নামকৰণ কৰা হয় ঘূৰ্ণী বতাহৰ ?

সাধাৰণতে ক্ৰান্তীয় ঘূৰ্ণী বতাহসমূহৰ নামকৰণ কৰা হয় আঞ্চলিক বিধি অনুযায়ী ৷ উদাহৰণস্বৰূপে আটলাণ্টিক, দক্ষিণ গোলাৰ্ধৰ অন্তৰ্গত ভাৰত মহাসাগৰ আৰু দক্ষিণ প্ৰশান্ত সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহসমূহক ইংৰাজী বৰ্ণমালাৰ ক্ৰম অনুযায়ী তথা পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত ব্যৱহৃত নামেৰে দিয়া হয় ৷

2000 চনত ভাৰত মহাসাগৰৰ উত্তৰাঞ্চলত ঘূৰ্ণী বতাহৰ নামকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ তেওঁলোকে দেশভিত্তিক নাম-তালিকাবোৰ ইংৰাজী বৰ্ণমালাৰ ক্ৰম অনুযায়ী প্ৰস্তুত কৰিছিল আৰু লিংগ-সমতা অনুযায়ী নামবোৰ প্ৰদান কৰিছিল ৷ বৰ্তমানেও ঘূৰ্ণী বতাহৰ নামকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ আৰু জলবিদ্যুৎ পৰিসেৱাই প্ৰস্তাৱ কৰা তালিকা অনুকৰণ কৰা হয় ৷ অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সাংস্কৃতিকভাৱে সংবেদনশীল নাম ব্যৱহাৰ নকৰে ৷

বিগত বৰ্ষতো আম্ফান ঘূৰ্ণী বতাহে ভাৰতৰ উপকূলীয় অঞ্চলত তাণ্ডৱ চলাইছিল ৷ একেদৰে ফেনীয়েও তাণ্ডৱ সৃষ্টি কৰিছিল পশ্চিমবংগ আৰু ওড়িশাকে ধৰি একাংশ অঞ্চলত ৷

ক’ত কেনেদৰে ক্ষতিসাধন কৰিছিল আম্ফান আৰু ফেনীয়ে ?

বিগত বৰ্ষত আম্ফানে পশ্চিমবংগত অতি কমেও ৭৭ গৰাকী লোকৰ প্ৰাণকাঢ়ি লৈছিল ৷ এই ঘূৰ্ণী বতাহৰ ফলত পশ্চিমবংগৰ উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা, পূৱ আৰু পশ্চিম মেদিনীপুৰ, কলকাতা, হাওড়া আৰু হুগলী জিলাৰ আন্তঃগাঁথনি, চৰকাৰী আৰু বেচৰকাৰী সম্পদৰ ব্যাপক ক্ষতিসাধন হৈছিল ৷ ঠিক একেদৰে ওড়িশাৰ উপকূলীয় অঞ্চলতো আম্ফানে যথেষ্ট ক্ষতিসাধন কৰিছিল যদিও কোনো লোকৰ প্ৰাণহানি হোৱা নাই ৷ তদুপৰি এই আম্ফানে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো 12 জনৰ প্ৰাণ কাঢ়িছিল ৷

ঠিক একেদৰে ফেনীয়ে ভাৰতত প্ৰাণ লৈছিল 72 গৰাকী লোকৰ ৷ ইয়াৰে 64 গৰাকী লোকেই আছিল ওড়িশাৰ ৷ ওড়িশা আৰু পশ্চিমবংগত ফেনীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ ঠিক একেদৰে ফেনীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো 17 জন লোকৰ প্ৰাণ কাঢ়িছিল ৷

লগতে পঢ়ক:নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ

Last Updated : May 18, 2021, 8:49 AM IST

ABOUT THE AUTHOR

...view details