অসম

assam

ETV Bharat / bharat

গুজৰাটত টাউতেৰ ধ্বংসলীলা: 45 জনৰ মৃত্যু - টাউতেৰ সংহাৰ

টাউতেৰ সংহাৰত গুজৰাটত প্ৰাণ হেৰুৱালে 45 জনকৈ লোকে ৷ গুজৰাটৰ ভিন্ন প্ৰান্তত বৈদ্যুতিক খুঁটা, গছ-গছনি উভালি পৰাৰ লগতে ঘৰৰ দেৱাল আৰু চাল খহি দুৰ্ভাগ্যজনক মৃত্যুক সাৱটিলে বহুকেইজন লোকে ৷ আকাশমাৰ্গেৰে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Tauktae fury leaves trail of destruction in Gujarat
গুজৰাটত টাউতেৰ ধ্বংসলীলা

By

Published : May 19, 2021, 9:38 AM IST

Updated : May 19, 2021, 2:15 PM IST

নেচনেল ডেস্ক,19 মে': টাউতে ঘূৰ্ণী বতাহে গুজৰাটৰ বিভিন্ন অংশত ধ্বংসলীলা চলোৱাৰ লগতে প্ৰায় 45 গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ বৈদ্যুতিক খুঁটা আৰু গছ-গছনি উভালি পেলোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত টাউতেৰ প্ৰভাৱে ঘৰ-দুৱাৰ আৰু বাট-পথ ধ্বংস কৰিছে বুলি জানিব পৰা গৈছে ৷ সংশ্লিষ্ট বিভাগে বুধবাৰে এই কথা সদৰী কৰে ৷

আকাশমাৰ্গেৰে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

টাউতেৰ ফলত হোৱা ক্ষয় ক্ষতি তথা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷ আকাশমাৰ্গেৰে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে আহমেদাবাদত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব ৷ এক টুইটযোগে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে এই কথা সদৰী কৰে ৷

টাউতেৰ সংহাৰত গুজৰাটত প্ৰাণ হেৰুৱালে 13 জনকৈ লোকে

প্ৰাপ্ত তথ্য অনুসৰি, বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ বহুকেইটা অংশত ধাৰাসাৰ বৃষ্টিপাত হয় ৷ প্ৰায় 96 টা তালুকত চাৰি মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে ছয়টা তালুকত 8-9 মিলিমিটাৰৰ বৰষুণ হৈছিল ৷ উল্লেখ্য যে, দক্ষিণ গুজৰাটৰ ওমৰগ্ৰামত 14 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল আৰু এই পৰিমাণ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক আছিল ৷ জানিব পৰা মতে, বতাহৰ প্ৰভাৱত প্ৰায় 59,429 টা বৈদ্যুতিক খুঁটা উভালি পৰিছে আৰু 4,200 শ্ৰমিকৰ মুঠ 915 টা দলে পুনৰুদ্ধাৰৰ কাম অব্যাহত ৰাখিছে ৷

টাউতেৰ প্ৰভাৱে ঘৰ-দুৱাৰ আৰু বাট-পথৰ ব্যাপক ক্ষতিসাধন

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) এ জানিবলৈ দিয়া মতে, সোমবাৰে নিশা দিউ আৰু উনাৰ মাজৰ সৌৰাষ্ট্ৰ অঞ্চলৰ গুজৰাট উপকূলত আঘাত কৰা টাউতেৰ ফলত হোৱা ভূমিস্খলন প্ৰায় মাজনিশা সমাপ্ত হয় ৷ অতিৰিক্ত মুখ্য সচিব (ৰাজহ) পংকজ কুমাৰে সদৰী কৰা মতে, এই ভূমিস্খলনৰ ফলত সৌৰাষ্ট্ৰ অঞ্চলৰ আমৰেলি, গিৰ সোমনাথ, জুনাগড়, পোৰবন্দৰ, ৰাজকোট, ভাৱনগৰ আৰু বটাড় জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷

ঘৰৰ দেৱাল আৰু চাল খহি দুৰ্ভাগ্যজনক মৃত্যুক সাৱটিলে বহুকেইজন লোকে

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ (এছইঅ'চি) ৰ এজন বিষয়া জানিবলৈ দিয়া মতে ৰাজকোট, ভালচাদ আৰু ভাৱনগৰত বতাহৰ বাবে বহুকেইজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ৷ প্ৰচণ্ড বতাহৰ মাজতো শুই থকা অৱস্থাত এগৰাকী মহিলাৰ ওপৰত বৈদ্যুতিক খুঁটা পৰাৰ ফলত সোমবাৰে নিশা পাটন চহৰৰ মহিলা গৰাকীৰ মৃত্যু হয় ৷ ভাৱনগৰৰ পালিতানা তালুকাৰ বাদেলী গাঁৱত ঘৰৰ দেৱাল খহি পৰাৰ ফলত এগৰাকী মহিলা আৰু জীয়ৰীৰ মৃত্যু হয় ৷ সোমবাৰে নিশা সংঘটিত অন্য এক ঘটনাত চাৰিজনীয়া পৰিয়াল এটাৰ ঘৰৰ চাল খহি পৰাৰ ফলত এগৰাকী ছোৱালীৰ মৃত্যু হয় ৷

দক্ষিণ গুজৰাটৰ ওমৰগ্ৰামত 14 ইঞ্চি পৰ্যন্ত বৰষুণ

অতি চিন্তনীয়ভাৱে ঘূৰ্ণী বতাহৰ ফলত ভাৱনগৰৰ এটা প্ৰকল্পত অক্সিজেনৰ উৎপাদন ব্যাহত হৈ পৰে ৷ অৱশ্যে, ৰোগীসকলৰ বাবে অক্সিজেনৰ নিৰন্তৰ যোগান নিশ্চিত কৰিবলৈ বাফাৰ ষ্টক ব্যৱহাৰ কৰা হৈছিল ৷ অক্সিজেন যোগানৰ ফলত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই যদিও বতাহৰ প্ৰভাৱত প্ৰায় 674 টা পথৰ যাতায়ত বন্ধ হৈ পৰে ৷

উল্লেখ্য যে, বিশেষকৈ উনা আৰু দিউৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত টাউতেৰ ফলত ভূমিস্খলন হোৱাৰ ফলস্বৰূপে সোমনাথ জিলাৰ গিৰৰ উনা এই ঘূৰ্ণী বতাহৰ প্ৰভাৱত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়ক:টাউতে: আৰৱ সাগৰৰ পৰা 314 জনক উদ্ধাৰ

Last Updated : May 19, 2021, 2:15 PM IST

ABOUT THE AUTHOR

...view details