নেশ্যনেল ডেস্ক, ১২ মে':ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ শংকিত দেশবাসী (Cyclone Mocha)। ইয়াৰ মাজতে দেশবাসীৰ বাবে আন এক উদ্বেগৰ খবৰ । ১২ মে'ৰ সন্ধিয়াৰ ভিতৰত এই তীব্ৰ ঘূৰ্ণীবতাহে ভয়ংকৰ ৰূপ ল'ব । ঘূৰ্ণীবতাহ পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ১২ মে'ৰ সন্ধিয়া মোচা কেন্দ্ৰীয় বংগোপসাগৰৰ ওপৰত অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব । ১৩ মে'ত ই সৰ্বোচ্চ গতি ল'ব (Mocha to intensify into severe cyclonic storm)। এই ঘোষণা ভূৱনেশ্বৰৰ আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জীৱ দ্বিবেদীৰ । অৱশ্যে সমগ্ৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ।
উল্লেখ্য যে কিছুদিন পূৰ্বৰে পৰা প্ৰচণ্ড ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰি আহিছে । দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় । এই নিম্ন চাপ ঘূৰ্ণীবতাহত পৰিণত হৈ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ উপকূলীয় অঞ্চলৰ ফালে আগবাঢ়িব বুলি আশা কৰা হৈছিল (IMD on Mocha)। এই ঘূৰ্ণীবতাহ ১১ মে'ৰ ভিতৰত উত্তৰ-উত্তৰ-পশ্চিম দিশে পূব-মধ্য বংগোপসাগৰৰ ফালে আৰু তাৰ পাছত উত্তৰ-উত্তৰ-পূব দিশে বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে বুলি কৈছিল বতৰ বিজ্ঞান বিভাগে ।
শেহতীয়াকৈ বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছে যে বংগোপসাগৰত ঘূৰ্ণীবতাহ মোচায়ে এক ভয়ংকৰ ৰূপ লৈছে । দক্ষিণ-পূব উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ যোৱা ৬ ঘণ্টাত ৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে উত্তৰ-পশ্চিম দিশে গতি কৰি আছে । আইএমডিয়ে কোৱা মতে বংগোপসাগৰৰ ওপৰত গভীৰ চাপৰ ঘূৰ্ণীবতাহ মোচালৈ পৰিণত হৈছে । ইয়াৰ ফলত বাংলাদেশ আৰু ম্যানমাৰত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।