অসম

assam

ETV Bharat / bharat

Cyclone Mocha : বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে গতি কৰাৰ সম্ভাৱনা ঘূৰ্ণীবতাহ মোচাৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) মতে, ঘূৰ্ণীবতাহ মোচা (Cyclone Mocha) বাংলাদেশ-ম্যানমাৰ উপকূলীয় অঞ্চলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে আইএমডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই মাছমৰীয়াসকলক দক্ষিণ-পূব বংগোপসাগৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিছে ।

Cyclone Mocha
Cyclone Mocha

By

Published : May 8, 2023, 9:35 PM IST

নিউজ ডেস্ক, ৮ মে' : সোমবাৰে দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় । এই নিম্ন চাপ ঘূৰ্ণীবতাহত পৰিণত হ'ব আৰু চলিত সপ্তাহৰ শেষৰ ফালে বাংলাদেশ-ম্যানমাৰ উপকূলীয় অঞ্চলৰ ফালে আগবাঢ়িব বুলি আশা কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (India Meteorological Department) এই তথ্য প্ৰদান কৰিছে ।

আইএমডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই এই কথা নিশ্চিত কৰি পৰামৰ্শ দিছে যে মাছমৰীয়া, জাহাজ আৰু টুলুঙা নাওবোৰে দক্ষিণ-পূব বংগোপসাগৰত প্ৰৱেশ কৰিব নালাগে । এই ঘূৰ্ণীবতাহৰ নাম হ'ব মোচা বা মোখা (Cyclone Mocha) । এই নামটো প্ৰদান কৰিছে য়েমেনে ।

মহাপাত্ৰই এক বিবৃতিত কয়, "ঘূৰ্ণীবতাহজাক ১১ মে'ৰ ভিতৰত উত্তৰ-উত্তৰ-পশ্চিম দিশে পূব-মধ্য বংগোপসাগৰৰ ফালে আৰু তাৰ পিছত উত্তৰ-উত্তৰ-পূব দিশে বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে (Cyclone Mocha likely to move towards bangladesh) ।"

তেওঁ কয় যে, বতৰৰ প্ৰভাৱৰ বাবে মঙলবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আইএমডিয়ে কয়, "দক্ষিণ-পূব বংগোপসাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ আন্দামান সাগৰত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে । আনহাতে, মধ্য বংগোপসাগৰ আৰু উত্তৰ আন্দামান সাগৰত থকা লোকসকলক ৯ মে'ৰ পূৰ্বে ঘূৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছে ।"

আনহাতে, বতৰ বিজ্ঞান বিভাগে ৮ মে'ৰ পৰা ১২ মে'লৈকে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত পৰ্যটন আৰু উপকূলীয় কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিছে (cyclone mocha likely to move towards Myanmar coast) ।

ইফালে কলকাতাত বতৰবিজ্ঞানীয়ে কৈছে যে, ঘূৰ্ণীবতাহ মোচাৰ অগ্ৰগতিৰ পথ অহা ২৪ ঘণ্টাৰ ভিতৰত স্পষ্ট হ'ব । "ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে সোমবাৰে কলকাতাৰ বতৰ উষ্ণ হৈ আছে । একে ধৰণৰ বতৰৰ পৰিস্থিতি অব্যাহত থকাৰ লগতে সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ৩৯ আৰু ২৯ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থাকিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য, বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে সোমবাৰে কলকাতাৰ সৰ্বাধিক তাপমাত্ৰা হৈছে 38.4 ডিগ্ৰী চেলচিয়াছ আৰু আপেক্ষিক আৰ্দ্ৰতা আছিল 88 শতাংশ । আনহাতে, নিম্নতম তাপমাত্ৰা ২৮.৭ শতাংশ ৰেকৰ্ড কৰা হয় । নিম্নতম আপেক্ষিক আৰ্দ্ৰতা হৈছে ৩৪ শতাংশ ।

লগতে পঢ়ক :Tanur boat accident: কেৰালা নাও দুৰ্ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details