অসম

assam

ETV Bharat / bharat

ঘূৰ্ণীবতাহঃদক্ষিণ কেৰালাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ - IMD asks people of southern Kerala to remain vigilant

আহিবলগীয়া কেইটামান ঘন্টাত প্ৰৱল ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কেৰালা আৰু দক্ষিণ তামিলনাডুত সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

as_ntl_imd-asks-people-of-southern-kerala-to-remain-vigilant_img
ঘূৰ্ণীবতাহঃদক্ষিণ কেৰালাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

By

Published : Dec 1, 2020, 12:41 PM IST

নেশ্যনেল ডেস্ক,1 ডিচেম্বৰঃদক্ষিণ তামিলনাডু আৰু দক্ষিণ কেৰালাত ঘূৰ্ণীবতাহ সংক্ৰান্তীয় সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ এই দুয়োটা অঞ্চলতে আহিবলগীয়া কেইটামান ঘন্টাত প্ৰৱল ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰিয়েই জাৰি কৰা হৈছে এই সতৰ্কতা ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই কয়, ‘দক্ষিণ তামিলনাডু আৰু কেৰালাৰ দক্ষিণ উপকূলত ঘূৰ্ণীবতাহৰ পূৰ্বে অৱলম্বন কৰিবলগীয়া সতৰ্কতা জাৰি কৰা হৈছে ৷ এই ঘূৰ্ণীবতাহে বিগত 6 ঘন্টাত 7 কিলোমিটাৰ/ঘন্টাত বংগোপসাগৰৰ উত্তৰ দক্ষিণ দিশৰ পৰা দক্ষিণ দিশে গতি কৰে আৰু 30 নৱেম্বৰৰ নিশা 11.30ত বংগোপসাগৰৰ দক্ষিণ-পূৱ আৰু উত্তৰ-দক্ষিণ (অক্ষাংশ 7.8 ডিগ্ৰী আৰু দ্ৰাঘিমাংশ 86.6 ডিগ্ৰী) অঞ্চলৰ ওপৰেৰে শ্ৰী লংকাৰ ত্ৰীণকোমালীৰ 590 কিলোমিটাৰ পূৱ আৰু ভাৰতৰ পূৱ কন্যাকুমাৰীৰ 1000 কিলোমিটাৰ অঞ্চল স্পৰ্শ কৰিব ৷’

ইয়াৰ ফলতে পৰৱৰ্তী সময়ত ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আগন্তুক 12 ঘন্টাত তীব্ৰ ঘূৰ্ণীবতা আৰু ধুমুহাৰ সম্ভাৱনা দেখা গৈছে ৷

লগতে পঢ়ক-জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ABOUT THE AUTHOR

...view details