অসম

assam

ETV Bharat / bharat

Cyclone Gulab : ওড়িশাৰ গজপতিত ব্যাপক ভূমিস্খলন

ঘূৰ্ণীবতাহ 'গুলাব'(Cyclone Gulab)ৰ প্ৰভাৱত ওড়িশাৰ গজপতিত ব্যাপক ভূমিস্খলন ৷ বিপদৰ আশংকাত ১৬০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ ৷ সোমবাৰে ওড়িশাৰ 11 খন জিলাত বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত ৷

Cyclone Gulab
ওড়িশাৰ গজপতিত ব্যাপক ভূমিস্খলন

By

Published : Sep 26, 2021, 8:32 PM IST

নেশ্যনেল ডেস্ক , 26 ছেপ্টেম্বৰ :ঘূৰ্ণীবতাহ 'গুলাব'(Cyclone Gulab)ক লৈ সষ্টম হৈ পৰিছে দেশৰ কেইবাখনো ৰাজ্য ৷ ইতিমধ্যে কেইবাখনো ৰাজ্যৰ প্ৰশাসনে 'গুলাব'ৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে ৷ অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা কৰি থকাৰ সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকৌলামত(Andhra pradesh's srikaulam) ভূমিস্খলনৰ আশংকা ব্যক্ত কৰিছে ৷

ওড়িশাৰ গজপতিত ব্যাপক ভূমিস্খলন

জানিব পৰা মতে, ঘূৰ্ণীবতাহৰ প্ৰভাৱত গজপতি জিলা(Gajapati district)ৰ গুম্মা খণ্ড(Gumma Block)ত নিৰন্তৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত গজপতি জিলাৰ পৰা এই পৰ্যন্ত ১৬০০ জন লোকক স্থানান্তৰ কৰা হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, উদ্ধাৰকাৰী দলে গজপতি জিলাৰ পাহাৰৰ কাষ আৰু নিম্ন অঞ্চলৰ পৰা ১,৬০০ লোকক স্থানান্তৰিত কৰিছে ৷ জিলাখনত ছয়টা ODRAF আৰু দুটা NDRFৰ দল মোতায়েন কৰা হৈছে ৷ সাগৰত পৰিস্থিতি অধিক গুৰুতৰ হোৱাৰ আশংকা কৰি 27 ছেপ্টেম্বৰলৈকে মাছমৰীয়াসকলক পশ্চিম-মধ্য বংগোপসাগৰৰ উত্তৰ-পশ্চিম আৰু সংলগ্ন ওড়িশা উপকূলত সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ৷

SRCয়ে সদৰী কৰা মতে, সোমবাৰে ওড়িশাৰ 11 খন জিলাত বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :গুলাব ঘূৰ্ণীবতাহকলৈ আতংক : পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details