নেশ্যনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ :দেশৰ কেইবাখনো ৰাজ্যত এতিয়া গুলাবক লৈ আতংক । বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা গুলাব ঘূৰ্ণীবতাহ প্ৰচণ্ড বেগেৰ আগবাঢ়িছে ভাৰতৰ দিশে । ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে । দেওবাৰে সন্ধিয়ালৈ ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ উপকূলত গুলাব ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে ।
কলকাতাৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) সঞ্চালক জি কে দাসে শনিবাৰে জনোৱা মতে গুলাব ২৯ ছেপ্টেম্বৰৰ আশে-পাশে পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । গুলাবৰ ফলত ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত বিশেষকৈ ২৮-২৯ ছেপ্টেম্বৰত ধাৰাষাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা হোৱাৰো আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে । বিভাগৰ সঞ্চালক জি কে দাসে জনোৱা মতে ২৮ ছেপ্টেম্বৰত কলকাতা, উত্তৰ ২৪ পৰগণা, পূব আৰু পশ্চিম মেদিনীপুৰ, ঝাৰগ্ৰাম, হাওৰা, হুগলী আদিত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
ইফালে দক্ষিণ ওড়িশাৰো কিছু অংশত সতৰ্কবাণী জাৰি কৰা হৈছে । শনিবাৰে আইএমডিয়ে জনাইছিল যে উত্তৰ-পশ্চিম আৰু ইয়াৰ কাষৰীয়া পশ্চিম-মধ্য বংগোপ সাগৰৰ পৰা গুলাব পশ্চিম দিশে আগবাঢ়িছে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (NDRF) মতে, ওড়িশাত ১৩ টা দল আৰু অন্ধ্ৰ প্ৰদেশত পাঁচটা উদ্ধাৰকাৰী দল সাজু কৰা হৈছে ।