অসম

assam

ETV Bharat / bharat

Cyclone Biparjoy : গুজৰাটত হাই এলাৰ্ট; সুৰক্ষিত স্থানলৈ প্ৰেৰণ উপকূলৰ বাসিন্দাক - Cyclone Biparjoy in India

অহা ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতৰ উপকূলত খুন্দা মাৰিব বিপৰ্যয়ে । ইতিমধ্যে গুজৰাটৰ উপকূলীয় অঞ্চলত হাই এলাৰ্ট জাৰি কৰাৰ লগতে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । মুম্বাইতো সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে ।

Cyclone Biparjoy
গুজৰাটত হাই এলাৰ্ট

By

Published : Jun 13, 2023, 11:09 AM IST

নেশ্যনেল ডেস্ক,১৩ জুন :ঘূৰ্ণীবতাহ বিপৰ্যয়ক লৈ চিন্তিত দেশবাসী । ইতিমধ্যে গুজৰাটৰ উপকূল অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে । প্ৰায় ৭,৫০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰো কৰিছে প্ৰশাসনে । প্ৰতি ঘণ্টাত ১৫০ কিঃমিঃ গতিবেগেৰে ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১৫ জুনত ঘূৰ্ণীবতাহ বিপৰ্যয়ে গুজৰাটত ভয়ংকৰ ৰূপ ধাৰণ কৰিব । বিপৰ্যয় উত্তৰ-পূব আৰু ইয়াৰ কাষৰীয়া পূব মধ্য আৰৱ সাগৰত কেন্দ্ৰীভূত, পোৰবন্দৰৰ পৰা প্ৰায় ২৯০ কিঃমিঃ দক্ষিণ-পশ্চিমত আৰু জাখৌ বন্দৰৰ পৰা ৩৬০ কিঃমিঃ দক্ষিণ-দক্ষিণ-পশ্চিমত আছে । ১৫ জুনৰ সন্ধিয়াৰ ভিতৰত জাখৌ বন্দৰৰ ওচৰত সৌৰাষ্ট্ৰ আৰু কচ্ছ পাৰ হোৱাৰ সম্ভাৱনা আছে ।

এনে এক ভয়ংকৰ আশংকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে নতুন দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে । য'ত তেওঁ বিপৰ্যয়ক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তুতিৰ বুজ লয় । স্পৰ্শকাতৰ অঞ্চলত থকা লোকসকলক স্থানান্তৰ কৰাৰ বাবেও জোৰ দিছে প্ৰধানমন্ত্ৰীয়ে ।

গুজৰাট প্ৰশাসনে জনোৱা মতে ৰাজ্য চৰকাৰে এই ঘূৰ্ণীবতাহৰ ফলত যাতে কোনো প্ৰাণহানি নহয় তাৰ বাবে নিৰন্তৰ কাম কৰি আছে । ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) বহু দল মোতায়েন কৰা হৈছে আৰু জনসাধাৰণৰ বাবে বাসস্থান, খাদ্য আৰু ঔষধৰ ব্যৱস্থা কৰা হৈছে ।

তদুপৰি, দ্বাৰকাৰ সমীপৰ উপকূলৰ ওচৰত তেল খনন জাহাজ 'কী ছিংগাপুৰ'ৰ পৰা ৫০ গৰাকী কৰ্মচাৰীক স্থানান্তৰ কৰিবলৈ সেনা, নৌসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে । ঘূৰ্ণীবতাহ বিপৰ্যয়ে বৃহস্পতিবাৰে গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ।

প্ৰশাসনে জনোৱা মতে উপকূলীয় জিলা কচ্ছ, পোৰবন্দৰ, দেৱভূমি দ্বাৰকা, জামনগৰ, জুনাগড় আৰু মৰবিত উপকূলীয় অঞ্চলৰ ওচৰত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । মাছমৰীয়াসকলক সতৰ্ক কৰি দিয়া হৈছে ।

বিষয়াসকলে জনোৱা মতে ১৫-১৬ জুনত সৌৰাষ্ট্ৰ-কচ্ছকে ধৰি অন্যান্য অঞ্চলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু মাছমৰীয়াসকলক ১৬ জুনলৈকে সাগৰলৈ নাযাবলৈ কোৱা হৈছে । বিষয়াসকলৰ মতে, প্ৰায় ৭,৫০০ লোকক স্থানান্তৰ কৰা হৈছে আৰু কচ্ছ-সৌৰাষ্ট্ৰ জিলাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওসমূহৰ বাসিন্দাসকলক স্থানান্তৰ কৰাৰ অভিযান মঙলবাৰে আৰম্ভ হ'ব । পোৰবন্দৰৰ ৩১ খন গাঁৱৰ প্ৰায় ৩,০০০ আৰু দেৱভূমি দ্বাৰকাৰ প্ৰায় ১,৫০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

সাগৰৰ ওচৰৰ কিছুমান বস্তিৰ বাসিন্দাসকলকো মাণ্ডৱীলৈ স্থানান্তৰিত কৰা হৈছে । ইফালে কচ্ছ জিলাৰ উপকূলীয় অঞ্চলসমূহত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ১৫ জুনলৈকে বন্ধ ৰখা হৈছে । ইফালে, দক্ষিণ আৰু উত্তৰ গুজৰাটৰ উপকূলীয় জিলা যেনে ভালচাদ, গিৰ সোমনাথ, ভাৱনগৰ আৰু আমৰেলীৰ কিছু অংশত সোমবাৰে পুৱা সামান্য বৰষুণ হয় ।

ইফালে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনাইছিল । বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলক স্পৰ্শকাতৰ অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সম্ভৱ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Cyclone Biparjoy Updates : বিপৰ্যয় ঘূৰ্ণীৰে মোকাবিলা কৰিবলৈ ব্যাপক সতৰ্কতা

ABOUT THE AUTHOR

...view details