অসম

assam

ETV Bharat / bharat

Cyclone Biparjoy : উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰ ৭৩ গৰ্ভৱতী; ৯ গৰাকীৰ সন্তান প্ৰসৱ - Pragnant women shifted from costal area

স্বাস্থ্য বিভাগকো ধুমুহাৰ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে । প্ৰায় ৭৩ গৰাকী গৰ্ভৱতী মহিলাক উপকূলৱৰ্তী বিপজ্জনক অঞ্চলৰ পৰা আঁতৰাই নিয়া হৈছে । তেওঁলোকক নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰে ভিতৰত ৯ গৰাকী গৰ্ভৱতীয়ে স্বাস্থ্য কেন্দ্ৰত সফলতাৰে সন্তান জন্ম দিয়ে ।

Cyclone Biparjoy
Cyclone Biparjoy

By

Published : Jun 14, 2023, 2:24 PM IST

নিউজ ডেস্ক, ১৪ জুন :গুজৰাটৰ ওপৰত এতিয়া বিৰাজ কৰি আছে সম্ভাৱ্য ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ আশংকা । ইতিমধ্যে জামনগৰ জিলাত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে । যাৰ ফলত তাৰ পৰা আবাসীসকলক স্থানান্তৰৰ কাম পূৰ্ণগতিত আৰম্ভ কৰা হৈছে । ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত জিলা পঞ্চায়ত জামনগৰৰ স্বাস্থ্য শাখাৰ দ্বাৰা ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তাৰে ভিতৰত ৭৩ গৰাকী গৰ্ভৱতী মহিলাক স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হৈছে । জিলাখনৰ সকলো স্বাস্থ্য কেন্দ্ৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছে । দ্ৰুত সঁহাৰি চিকিৎসা দল আৰু ভ্ৰাম্যমাণ চিকিৎসা দলে উপকূলীয় গাঁওবোৰত ৰুগীয়া লোকসকলৰ স্বাস্থ্য আৰু আশ্ৰয়ৰ চোৱাচিতা কৰি আছে ।

একেদৰে জিলা স্বাস্থ্য দলো বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা সকলো গাঁৱত গৈ উপস্থিত হৈছে । আনহাতে, পৰৱৰ্তী সপ্তাহত সন্তান প্ৰসৱৰ সম্ভাৱনা থকা ৭৩ গৰাকী গৰ্ভৱতী মহিলাক উপকূলৱৰ্তী বিপজ্জনক অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে আৰু চৰকাৰী এম্বুলেন্সৰ জৰিয়তে নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে, যাতে তাতে তেওঁলোকে সন্তান প্ৰসৱ কৰিব পাৰে ।

উক্ত স্বাস্থ্য কেন্দ্ৰ সপ্তাহটোৰ ২৪ ঘণ্টায়ে চিকিৎসক আৰু নাৰ্ছে তেওঁলোকৰ নিৰন্তৰ প্ৰসৱোত্তৰ যত্ন লৈ আছে । লগতে জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সাহায্যৰ ব্যৱস্থা কৰা হৈছে । এই সময়ছোৱাতে ৭৩ গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত ৯ গৰাকীয়ে সম্পূৰ্ণ সফলতাৰে স্বাস্থ্য কেন্দ্ৰটোত সন্তান প্ৰসৱ কৰিছে আৰু তেওঁলোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰা হৈছে ।

উল্লেখ্য, জামনগৰ পান্থকত বহু সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকে কোম্পানীত কাম কৰে আৰু ফ্লেটত বাস কৰে । কিন্তু ধুমুহাৰ ফলত এই ঘৰবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে । সেয়ে আগতীয়া সতৰ্কতা হিচাপে প্ৰশাসনে প্ৰায় ৭০ হাজাৰ লোকক পূৰ্ণগতিত স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে । এই স্থানান্তৰ অভিযানৰ অংশ হিচাপেই ৭৩ গৰাকী গৰ্ভৱতী মহিলাক উপকূলৰ ওচৰৰ বিপজ্জনক অঞ্চলৰ পৰা আঁতৰাই নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটৰ উপকূলৱৰ্তী ১০ কিলোমিটাৰলৈকে খালী কৰাৰ লক্ষ্য প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details