অসম

assam

ETV Bharat / bharat

তেলাংগানাত ভুৱা ডেটিং এপৰ জৰিয়তে ধন সৰকোৱা প্ৰৱঞ্চকৰ দল আটক

ভুৱা ডেটিং এপৰ জৰিয়তে বিভিন্ন লোকৰ পৰা ধন সৰকোৱা 8 জনীয়া এটি প্ৰৱঞ্চকৰ দলক আটক কৰে তেলাংগানাৰ চাইবাৰ অপৰাধ শাখাৰ আৰক্ষীয়ে ৷

Cyberabad Police busts online dating scam, eight gang members arrested
তেলাংগানাত ভুৱা ডেটিং এপৰ জৰিয়তে ধন সৰকোৱা প্ৰৱঞ্চকৰ দল আটক

By

Published : Nov 21, 2020, 9:00 PM IST

নেশ্যনেল ডেস্ক,21 নৱেম্বৰ :শুকুৰবাৰে তেলাংগানাৰ চাইবাৰ আৰক্ষীয়ে ভুৱা ডেটিং এপৰ জৰিয়তে বিভিন্ন লোকৰ পৰা ধন সৰকোৱা 8 জনীয়া এটি প্ৰৱঞ্চকৰ দলক আটক কৰে ৷ আৰক্ষীয়ে দলটোৰ পৰা এটা লেপটপ, 31 টা চেমাচাং ম’বাইল ফোন, 12 খন এ টি এম কাৰ্ড আৰু অপৰাধ সম্পৰ্কীয় 6 বিধ নথি-পত্ৰ জব্দ কৰে ৷

চাইবাৰাবাদ আৰক্ষীৰ আৰক্ষী আয়ুক্ত ভি চি চাজ্জানাৰে জনোৱা অনুসৰি, দলটোৱে বিভিন্ন ৱেবচাইট সৃষ্টি কৰি তাত বিভিন্ন ধৰণৰ ফিচৰ বিষয়ে উল্লেখ কৰি তাৰ পৰা ধন সংগ্ৰহ কৰিছিল ৷ আটক কৰা যুৱককেইজন ক্ৰমে বিজয় কুমাৰ শ্বাহ, বিনোদ কুমাৰ, মহম্মদ নুৰ আলম আনচাৰী, দীপা হালদাৰ, শিখা হালদাৰ বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, চান্টু দাস, অমিল পালস শুশাংক কুমাৰ পলাতক হৈ আছে ৷

এই সমগ্ৰ ঘটনা তেতিয়া পোহৰলৈ আহে যতিয়া এগৰাকী ব্যক্তিয়ে আৰক্ষীক অভিযোগ দাখিল কৰে যে তেখেতে কলিকতাৰ Indian Escort Service Pvt. Ltd নামৰ এক ডেটিং এপত নিজৰ নাম ৰেজিষ্টাৰ কৰাৰ পিছতে তেখেতক পুৰুষ এচকৰ্ট (escort) ৰ নিশ্চিতি প্ৰদান কৰা হৈছিল ৷ অভিযোগকাৰীয়ে জনোৱা অনুসৰি ইয়াৰ পিছতে তেখেতে বিভিন্ন নম্বৰৰ পৰা কল লাভ কৰি পুৰুষ এচকৰ্ট (escort)ৰ বাবে নিশ্চিতি প্ৰদান কৰিবলৈ বিভিন্ন ধৰৰাশি দিবলগীয়া হয় ৷ অভিযুক্তৰ ওপৰত বিশ্বাস কৰিয়েই প্ৰথমাৱস্থাত তেখেতে 13,82,643 টকা তেওঁলোকৰ একাউন্টলৈ পঠিয়ায় ৷ ইয়াৰ পিছত তেখতক পুনৰ 1,50,000 টকা বিচাৰে প্ৰৱঞ্চকৰ দলটোৱে ৷ ইয়াতেই তেখেতে প্ৰৱঞ্চনাৰ বলি হোৱা বুলি উপলদ্ধি কৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷

এই অভিযোগৰ ভিত্তিত তথা পশ্চিম বংগৰ চিলিগুৰিৰ পৰা প্ৰেৰণ কৰা গোপন সূত্ৰৰ ভিত্তিতে চাইবাৰ আৰক্ষীয়ে অভিযুক্তসকলে কাম কৰা সকলো কল চেন্টাৰতে অভিযান চলাই পাঁচগৰাকীকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰত জৈছ-এ-মহম্মদৰ দুই সহযোগী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details